গুৱাহাটী, ১৫ ডিচেম্বৰ, ২০২৩ : ৫ খন মনোগ্ৰাহী চলচ্চিত্ৰৰে সমগ্ৰ দিনটো ছবিপ্ৰেমী দৰ্শকক মোহিত কৰি ৰাখিবলৈ সক্ষম হয় ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল (বিভিএফএফ)ৰ দ্বিতীয়টো দিন (Second Day of Brahmaputra Valley Film Festival)। বিভিএফএফৰ দ্বিতীয় দিনটোৰ আৰম্ভণি ঘটে প্ৰতিযোগিতা শাখাৰ অংশ হিচাপে অৰবিন্দ প্ৰতাপ পৰিচালিত ‘মৰিয়ম’ ছবিখন উপস্থাপনৰ জৰিয়তে। এই মৰ্মস্পৰ্শী হিন্দী ছবিখনে ক’ভিড-১৯ মহামাৰীৰ পটভূমিত জীৱন নিৰ্বাহৰ বাবে চেষ্টা কৰি থকা এগৰাকী গৰ্ভৱতী মাতৃয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ পৰ্দাত তুলি ধৰা দেখা যায়। উন্নত জীৱনৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত হোৱা কিন্তু চিৰদিনৰ বাবে দৰিদ্ৰতাৰ মাজতে আবদ্ধ হৈ পৰা মুম্বাইৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ সংগ্ৰামক ছবিখনৰ জৰিয়তে চিত্ৰিত কৰে পৰিচালকে।
ইয়াৰ পিছতে শ্ৰুতিস্মৃতি চাংকাকতিৰ দ্বাৰা নিৰ্মিত অসমীয়া বোলছবি ‘বিফ’ৰ স্প্ৰিং’ প্ৰদৰ্শন কৰা হয়। দীপজ্যোতি কাকতি, উপাসনা প্ৰিয়ম, অভিজিৎ ৰয়ৰ দৰে অভিনেতা-অভিনেত্ৰীৰ সুদক্ষ অভিনয়ৰে সমৃদ্ধ ছবিখনৰ কাহিনী ৰচনা কৰিছে পৰিচালক খোদ শ্ৰুতিস্মৃতি চাংকাকতিয়ে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত ৱৰ্ল্ড প্ৰিমিয়াৰৰ প্ৰতিযোগিতা শাখাত প্ৰদৰ্শন কৰা হয় ন্যাগো এটেৰ পৰিচালনাত নিৰ্মিত ন্যিছ্যি বোলছবি ‘ছাংগি-গাই’। হৃদয়স্পৰ্শী ছবিখনত ছাংগি-গাই গাঁৱৰ বাসিন্দা তামাৰে হেৰুওৱা ভাতৃৰ সন্ধান চলাই থকাৰ সময়তে এক ৰহস্যময় পৰিস্থিতিত উপনীত হয় আৰু অস্পষ্ট ভৱিষ্যতৰ অচিনাকি মানুহৰ মানুহৰ মাজলৈ তেওঁক লৈ যোৱা হয়; যাৰ ফলত ১৯১৪ চনৰ তেওঁৰ প্ৰকৃত বৰ্তমানৰ সময় ওলট-পালট হৈ পৰে। এলিছন ভেলীৰ প্ৰযোজনাত নিৰ্মিত ছবিখনত অভিনয় কৰিছে টে টুগুং, কেণ্ডি জিৰডো, টাৰ তামা, চোমিনা বায়ং আৰু মেটামে।
সন্ধিয়া নামি অহাৰ লগে লগে পৰিচালক কেনি বসুমতাৰীৰ অসমীয়া বোলছবি ‘জিঞা’ৰ প্ৰিমিয়াৰে মন্ত্ৰমুগ্ধ কৰে উপস্থিত ছবিপ্ৰেমী দৰ্শকক। শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ কাহিনী আৰু প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত নিৰ্যাতনমূলক বিবাহৰ পৰা পলায়ন কৰি কন্যা নুপুৰৰ সৈতে একক মাতৃত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জিঞাৰ যাত্ৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে। সমাজৰ বিচাৰৰ সৈতে যুঁজি তেওঁ নিজৰ দুৰ্বলতাক এখন মুখাৰ আঁৰত ঢাকি ৰাখে। এই সময়ছোৱাত তেওঁৰ কাষত থিয় দি থাকে প্ৰিয় বান্ধৱী পল্লৱী। জিঞাই তেওঁৰ বাবে বিৰক্তিকৰ হৈ পৰা চাকৰিটো এৰি দিয়াৰ সিদ্ধান্ত লয় আৰু পল্লৱীৰ কৰ্মস্থলীতে বিচাৰিবলৈ আৰম্ভ কৰে সুখৰ সন্ধান। তাতেই অভিৰ সৈতে সাক্ষাৎ ঘটে জিয়াৰ।
ইয়াৰ পিছত কি? প্ৰেম, বিষাদ, হাঁহি-কান্দোনৰ এই মৰ্মস্পদী ছবিখনত অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ঈপ্সিতা হাজৰিকা আৰু ৰিকি শৰ্মাৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে। ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ দ্বিতীয় দিনটোৰ সামৰণি পৰে পৰিচালক মিৰাংছা নায়কৰ মাৰাঠী বোলছবি ‘ভাত’ৰ প্ৰদৰ্শেনেৰে। গোৱাৰ এজন কৃষক মাট্টুক কেন্দ্ৰ কৰিয়েই আগবাঢ়ে ছবিখনৰ কাহিনী। ছবিখনত কৃষক মাট্টুৱে সহযোগী গাওঁবাসীক মাৰপিট কৰাৰ পৰিণতিত সামাজিক অপমান আৰু আৰ্থিক বোজাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কাহিনী দৃশ্যায়িত কৰা হৈছে। একে সময়তে বিভিএফএফে আকৰ্ষণীয় চুটি ছবি আৰু আলোচনাচক্ৰ আয়োজন কৰে। ‘বিয়ণ্ড দ্য বিগ স্ক্ৰীণ: নেভিগেটিং ইণ্ডি ফিল্ম প্ৰডাকচন এণ্ড ফেষ্টিভেল চাৰ্কিটছ’ শীৰ্ষক এক আলোচনাত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰে চলচ্চিত্ৰ নিৰ্মাতা লীনা যাদৱ আৰু চলচ্চিত্ৰ প্ৰযোজক সঞ্জয় ভুটিয়ানীয়ে।
অনুষ্ঠানটোৰ আঁত ধৰে সমালোচক, আঁত ধৰোতা আৰু সাংবাদিক মুৰ্তাজা আলী খানে।পৰৱৰ্তী সময়ত ‘পিংক’, ‘বিকি ড’নাৰ’ আৰু ‘মাদ্ৰাছ কেফে’ আদি জনপ্ৰিয় ছবিৰ বাবে সুপৰিচিত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰনী লাহিৰীৰ সৈতে ‘ডিকোডিং দ্য’ ব্লকবাষ্টাৰ ফৰ্মুলা চাৰ্কিটছ’ৰ ওপৰত এক প্ৰীতি আলোচনাচক্ৰ অনুষ্ঠিত হয়। ব্যৱহাৰিক সন্মিলনখনৰ পৰিচালনা কৰে বি ভি এফ এফৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰচাৰ সঞ্চালক কৰ্ম পালজৰে। দিনটোৰ ভিতৰত প্ৰদৰ্শিত চুটি ছবিসমূহৰ ভিতৰত আছিল মৌ- দ্য’ স্পিৰিট ড্ৰিমছ অৱ চেৰাউ, নীলা জুটা (স্নিকাৰছ), দ্য মাউণ্টেন চেফ, চংপ্ৰেং- দ্য মেল’ ডিক ব্ৰীজ, ‘কি ডাক বাইম থোহ (দ্য আনৰিটেন ৱৰ্ডছ), গ্ৰেভিয়াৰ্ডছ অৱ ড্ৰিমছ, ছামাৰ অৱ ছ’ল, মোৰ সোণালী ধাননি পথাৰত, কাপ নাম, আৰু খেটৰ।
দিনটোৰ এটা উল্লেখযোগ্য দিশ আছিল আমাজন প্ৰাইম ভিডিঅ’ সৃষ্টিমূলক আলোচনা, যিয়ে ১২ গৰাকী চলচ্চিত্ৰ নিৰ্মাতাক অ’টিটি প্লেটফৰ্মত নিজৰ ধাৰণাসমূহ উপস্থাপন কৰাৰ এক মঞ্চ প্ৰদান কৰে। বি ভি এফ এফে চলচ্চিত্ৰ মহোৎসৱৰ ক্ষেত্ৰখনত নিজৰ স্থান সুদৃঢ় কৰাৰ লগে লগে এই সন্মিলনসমূহো ইয়াৰ অবিচ্ছেদ্য হৈ পৰিছে, যিয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলক ডিজিটেল ক্ষেত্ৰখনত খোজ পেলোৱাৰ সুযোগ প্ৰদান কৰে। কেৱল অসাধাৰণ ছবি প্ৰদৰ্শন কৰাই নহয়, ডিজিটেল ডমেইনলৈও আগুৱাই নিয়াৰ বাবে বি ভি এফ এফৰ দায়বদ্ধতাক এই সৃষ্টিমূলক আলোচনাসমূহে প্ৰকট কৰি তুলিছে; যাৰ ফলত ব্যাপক প্ৰসাৰৰ বাবে সামৰ্থ্যশালী আমাজন প্ৰাইম ভিডিঅ’ৰ জৰিয়তে ব্যতিক্ৰমী কাহিনীসমূহে বিশ্বব্যাপী দৰ্শকৰ মাজলৈ বিয়পি পৰাটো নিশ্চিত হৈ পৰে।