নিউজ ডেস্ক : শুকুৰবাৰে পুৱাৰ ভাগতে টকিঅ’ অলিম্পিকৰ পৰা ভাৰতৰ বাবে আহে ভাল খবৰ। ভাৰত মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লাভলীনাই নিজৰ বিপক্ষৰ বক্সাৰ গৰাকীক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনে।

অসম কন্যা লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত উজ্বলালে ভাৰত নাম। ভাৰতৰ বাবে অসমৰ কন্যা লাভলীনাই টকিঅ’ অলিম্পিকত অর্জন কৰিলে দ্বিতীয়টো পদক। শুকুৰবাৰে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা ৬৯ কেজিৰ মহিলা বক্সিং শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই বিজয়ী সাব্যস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

কোৱাৰ্টৰ ফাইনেলত লাভলীনাই চীনা টাইপেইনৰ নিয়েন চীন চেনক ৪-১ ব্যৱধানত পৰাস্ত কৰি টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰাৰ লগতে ছেমি ফাইনেলত প্ৰৱেশ কৰে। লাভলীনা বৰগোঁহাই অলিম্পিকত পদক অৰ্জন কৰা ভাৰতৰ দ্বিতীয় গৰাকী মহিলা বক্সাৰ। লাভলীনাৰ পূৰ্বে মণিপুৰৰ মহিলা বক্সাৰ মেৰী কমে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

লাভলীনা বৰগোঁহাই অলিম্পিকত পদক অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া খেলুৱৈ। অহা ৪ আগষ্টত লাভলীনা বৰগোঁহাই ছেমি ফাইনেলৰ বাবে ৰিঙত নামিন। টকিঅ’ অলিম্পিকত বৰ্তমানলৈকে ভাৰতৰ বাবে পদক অৰ্জন কৰা দুয়ো গৰাকী মহিলা খেলুৱৈ উত্তৰ পূৱৰ। মণিপুৰৰ মিৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোঁহাই ভাৰত বাবে পদক অৰ্জন কৰিছে।