ধুবুৰী, ২৭ নৱেম্বৰ, ২০২৪ : ধুবুৰী জিলা কাৰাগাৰত সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী (Female Worker)। ধুবুৰী জিলা কাৰাগাৰৰ মুৰব্বীৰ লগতে একাংশ কৈদিৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ মহিলা কৰ্মচাৰীৰ।ধুবুৰী জিলা কাৰাগাৰৰ মুৰব্বী বিষয়া আৰু কয়েদিলৈকে একাংশ লোকৰ দ্বাৰা এগৰাকী মহিলা ৱাৰ্ডেন নিৰ্যাতিত হোৱাৰ অভিযোগ। নিৰাপত্তাহীনতাত ভুগিছে মহিলা ৱাৰ্ডেন গৰাকী। প্ৰাণৰ শংকাত ভুগি থকা মহিলা ৱাৰ্ডেনে এতিয়া কাষ চাপিছে আৰক্ষীৰ।
ধুবুৰী জিলা কাৰাগাৰত ভয়ংকৰ ঘটনা। জিলা কাৰাগাৰত সুৰক্ষিত নহয় মহিলা ৱাৰ্ডেন। এগৰাকী মহিলা ৱাৰ্ডেনক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা জিলা কাৰাগাৰৰ মুৰব্বীৰ লগতে একাংশ কয়েদিৰ। এই গুৰুত্বৰ অভিযোগ ধুবুৰী জিলা কাৰাগাৰত কৰ্মৰত এগৰাকী মহিলা ৱাৰ্ডেনৰ। যোৱা কিছুদিনৰ পৰা নিৰাপত্তাহীনতাত ভুগি থকা মহিলা ৱাৰ্ডেন গৰাকী ভয় শংকাত মাজেৰে কৰ্তব্য পালন কৰিছে। এতিয়া মহিলা ৱাৰ্ডেন গৰাকী ন্যায়ৰ দাবীত কাষ চাপিছে আৰক্ষীৰ।
অভিযোগ অনুসৰি, ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী, আন এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী কৃষ্ণা বৰ্মণ আৰু মজিবৰ ৰহমান নামৰ এজন কয়েদিয়ে বাৰে বাৰে যৌন নিৰ্যাতনৰ চেষ্টা কৰে এগৰাকী মহিলা ৱাৰ্ডেনক। বিগত কিছুদিনৰ পৰা নতুনকৈ নিযুক্তি লাভ কৰা এইগৰাকী ভুক্তভোগী মহিলা ৱাৰ্ডেনৰ সৈতে মাজে সময়ে সুযোগ বুজি যৌন নিৰ্যাতনৰ চেষ্টা কৰি আহিছে জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী, অন্য এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী কৃষ্ণা বৰ্মণৰ লগতে কয়েদি মজিবৰ ৰহমানে। এনেকি পুৰণি কয়েদি মজিবৰ ৰহমানে ধনৰ লোভ দেখুৱাই যৌন নিৰ্যাতনৰ চেষ্টা কৰাৰ উপৰিও এই কথা ৰাজহুৱা কৰিলে ভুক্তভোগী মহিলা ৱাৰ্ডেনক প্ৰাণে মৰাৰ হুংকাৰ প্ৰদান কৰে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা ৱাৰ্ডেন গৰাকীয়ে।
বিভাগীয় কৰ্তৃপক্ষৰ কাৰো সঁহাৰি নাপাই সাংবাদিকৰ আগত ভুক্তভোগী মহিলা ৱাৰ্ডেন গৰাকীয়ে কান্দি কান্দি সকলো কথা প্ৰকাশ কৰে। নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী ৱাৰ্ডেন গৰাকীয়ে ধুবুৰী জিলা কাৰাগাৰৰ জেইলাৰ আৰু অধীক্ষকক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। আনকি কাৰাগাৰ কৰ্তৃপক্ষই বিষয়টো সম্পূৰ্ণ গাপ দিয়াৰ চেষ্টা কৰে বুলিও মহিলা ৱাৰ্ডেন গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে।
উপায়ন্তৰ হৈ ভুক্তভোগী মহিলা ৱাৰ্ডেন গৰাকীয়ে জিলা আয়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষক সাক্ষাৎ কৰি লিখিত অভিযোগ দাখিল কৰাৰ পিছত আজি ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে জিলা কাৰাগাৰৰ অধীক্ষকসহ তিনিওজনৰ বিৰুদ্ধে। সাংবাদিকৰ কাষ চাপি মুখ্যমন্ত্ৰী লৈ ন্যায় বিচাৰি কাতৰ আহ্বান জনাইছে ভুক্তভোগী মহিলা ৱাৰ্ডেন গৰাকীয়ে। এতিয়া আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই এই সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰিব সেয়াই হ’ব লক্ষণীয়।