গুৱাহাটী, ১২ জুন, ২০২৫ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত পৰিছিল ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত বৰ্তমান কিছু উন্নত হৈছে ৰাজ্য বান পৰিস্থিতি। বৰ্তমান ৰাজ্যৰ ৭ খনকৈ জিলাৰ কিছু অঞ্চল বাঢ়নী পানীৰ তলত (Seven District Under Flood Water)। কাছাৰ, হাইলাকান্দি, কামৰূপ, শ্ৰীভূমি, নগাঁও, কামৰূপ মহানগৰ আৰু লখিমপুৰৰ কিছু অঞ্চল বাঢ়নী পানীৰ তলত আছে। নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল কৃত্ৰিম বানৰ ফলত প্ৰভাৱিত হৈছিল। বিশেষকৈ মহানগৰী গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুব গৈছিল যদিও বৰ্তমান পৰিস্থিতি উন্নত হৈছে।

বানৰ ফলত বর্তমান ৰাজ্যত প্ৰভাৱিত হৈছে ১৯ হাজাৰ ২৮০ জন লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈ আছে শ্ৰীভূমি, লখিমপুৰ, হাইলাকান্দি আৰু কাছাৰ জিলাত। শ্ৰীভূমি জিলাত বর্তমান ৫ হাজাৰ ৬৩৬ জন লোক, হাইলাকান্দি জিলাত ৮ হাজাৰ ১২৪ জন লোক আৰু কাছাৰ জিলাত ৯৮ জন আৰু লখিমপুৰ জিলাত ৫ হাজাৰ ৪২২ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ৰাজ্যৰ ৭২২ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ শ্ৰীভূমি, হাইলাকান্দি, লখিমপুৰ আৰু কাছাৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া ডুব গৈ আছে বাঢ়নী পানীত। বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। মাথাউৰি ছিঙি যোৱা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে।

নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত হাজাৰ হাজাৰ লোকে। ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ৭ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। বৰাক, উজনি অসম আৰু উত্তৰ অসমত বানৰ তাণ্ডৱলীলা চলি থকাৰ মাজতে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নামনি অসমৰ ৰাইজ।

অৱশ্যে নেৰানেপেৰা বৰষুণৰ ফলত নামনি অসমৰ চহৰ অঞ্চল সমূহ কৃত্ৰিম বানৰ কবলত পৰিছে। নেৰেনেপেৰা বৰষুণৰ ফলৰ বহু চহৰ অঞ্চল কৃত্ৰিম বানত বুৰ গৈছিল যদিও বৰ্তমান পৰিস্থিতি উন্নত হৈছে। চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও বানৰ কবলত থকা জিলা কেইখন হৈছে কাছাৰ, হাইলাকান্দি, কামৰূপ, শ্ৰীভূমি, নগাঁও, কামৰূপ মহানগৰ আৰু লখিমপুৰ। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত ডুব গৈছিল যদিও বৰ্তমান মহানগৰীৰ অৱস্থা উন্নত হৈছে। ইফালে বতৰে ৰূপ সলনি কৰিলেই মহানগৰবাসী শংকিত হৈ পৰে।

ৰাজ্যৰ বান প্ৰভাৱিত ৭ খন জিলাৰ ১৩ টা ৰাজহ চক্ৰৰ ৮০ খনকৈ গাঁও বৰ্তমানেও বাঢ়নী পানীতৰ তলত আছে। বান প্ৰভাৱিত জিলা কেইখনৰ ১৯ হাজাৰ ২৮০ জন লোক বাঢ়নী পানীত ককবকাই আছে। ইয়াৰে সর্বসাধিক ৮ হাজাৰ ১২৪ জন হাইলাকান্দি জিলাৰ। আনহাতে ৭২২ হেক্টৰ কৃষিভূমি বাঢ়নী পানীত ডুব যোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে কৃষক ৰাইজ। বানপানী আৰু ভুমিস্খলনৰ ফলত ৰাজ্যত বৰ্তমানলৈকে ২৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছিল যদিও বৰ্তমান সকলো নদী বিপদ সীমাৰ তলেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত পুনৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে।