গুৱাহাটী, ২৮ জুন, ২০২৪ : কিছুদিন পূৰ্বে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৭ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত (Seven District Under Flood Water)। কামৰূপ, কৰিমগঞ্জ, কাছাৰ, দৰং, বৰপেটা, লখিমপুৰ আৰু ধেমাজিত এতিয়াও বানৰ তাণ্ডৱলীলা অব্যাহত আছে। নেৰানেপেৰা বৰষুণৰ ফলত কামৰূপ মহানগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছিল। বিশেষকৈ মহানগৰী গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুব গৈছিল যদিও বৰ্তমান পৰিস্থিতি উন্নত হৈছে।

বানৰ ফলত এতিয়াও ৰাজ্যত প্ৰভাৱিত হৈছে ৰাজ্যৰ ১ লাখ ১৫ হাজাৰ ৫৫৭ জন লোক। বানৰ ফলত সর্বসাধিক লোক প্ৰভাৱিত হৈ আছে কাছাৰ আৰু কৰিমগঞ্জ জিলাত। কাছাৰ জিলাত বর্তমানেও ৭৪ হাজাৰ ৮৭০ জন লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত। ৰাজ্যৰ ৬৯৩.৫৭ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বানৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত। বিশেষকৈ কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ বিস্তীৰ্ণ অঞ্চল এৰিয়াও ডুব গৈ আছে বাঢ়নী পানীত। বহু ঠাইত মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। মাথাউৰি ছিঙি যোৱা অঞ্চল সমূহত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে।

নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত হাজাৰ হাজাৰ লোকে লোকে। ইফালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ৭ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ইফালে পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে নলবাৰী জিলাত তাণ্ডৱলীলা চলাই জিলাখনৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছিল যদিও বৰ্তমান জিলাখনৰ বান পৰিস্থিতি উন্নত হৈছে।

নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী চহৰখন কৃত্ৰিম বানৰ কবলত পৰিছিল। নলবাৰী চহৰৰ বহু অঞ্চল কৃত্ৰিম বানত বুৰ গৈছিল যদিও বৰ্তমান পৰিস্থিতি উন্নত হৈছে। চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও বানৰ কবলত থকা জিলা কেইখন হৈছে কামৰূপ, কৰিমগঞ্জ, কাছাৰ, দৰং, বৰপেটা, লখিমপুৰ আৰু ধেমাজিত। নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত ডুব গৈছিল যদিও বিগত কিছুদিন ধৰি বৰষুণ নিদিয়াৰ ফলত গুৱাহাটীৰ কৃত্ৰিম বান পতিস্থিতি উন্নত হৈছে।

ৰাজ্যৰ বান প্ৰভাৱিত ৭ খন জিলাৰ ১৬ টা ৰাজহ চক্ৰৰ ৪১৯ খনকৈ গাঁও বৰ্তমানেও বাঢ়নী পানীতৰ তলত আছে। বান প্ৰভাৱিত জিলা কেইখনৰ ১ লাখ ১৫ হাজাৰ ৫৫৭ জন লোক বাঢ়নী পানীত ককবকাই আছে। ইয়াৰে সর্বসাধিক ৭৪ হাজাৰ ৮৭০ জন কাছাৰ জিলাৰ। আনহাতে ৬৯৩.৫৭ হেক্টৰ কৃষিভূমি এতিয়াও বাঢ়নী পানীৰ তলত আছে। বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত বৰ্তমানলৈকে ৩১ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে আৰু কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত পুনৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে।