নিউজ ডেস্ক, ১৬ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ মাৰ্চ ২০২৬ তাৰিখে সুৰংগ নং. ৮ ৰ সফল খনন সম্পন্ন কৰি সেৱক-ৰংপো (Sewak-Rongpo) ৰে’লৱে প্ৰকল্পৰ বাবে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। এই সফলতা উত্তৰ পূৱ সীমান্ত ৰে’লৱে আৰু ইৰকন ইণ্টাৰনেচনেল লিমিটেডে যুটীয়াভাৱে অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰে’ল সংযোগ প্ৰকল্পত উল্লেখযোগ্য অগ্ৰগতিৰ সূচনা কৰিছে।

৮ নং সুৰংগ হৈছে প্ৰকল্পটোৰ অন্যতম প্ৰধান সুৰংগ, যাৰ মুঠ দৈৰ্ঘ্য ৪.১৪৮ কিলোমিটাৰ আৰু অতিৰিক্ত ১.০১০ কিলোমিটাৰ। অত্যন্ত দুৰ্বল, ক্ষয়যুক্ত আৰু ভঙা শিলৰ স্তৰ থকা সুৰংগটোৰ খনন অত্যন্ত প্ৰত্যাহ্বানমূলক ভূতাত্ত্বিক পৰিস্থিতিৰ মাজত কৰা হয়। পাহাৰীয়া ভূখণ্ডৰ আশংকা আৰু ওচৰত থকা ৰাষ্ট্ৰীয় ঘাইপথ নং. ১০ কৰিডৰৰ সৈতে সম্পৰ্কিত সংবেদনশীলতাৰ বাবে এই কাৰ্যই অতিৰিক্ত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ৮ নং সুৰংগত খনন সফলতাৰে সম্পূৰ্ণ হোৱাৰ লগে লগে সেৱক-ৰংপো ৰে’লৱে প্ৰকল্পৰ মুঠ ১৪ টা সুৰংগৰ ভিতৰত ১৩ টাৰ খনন সম্পূৰ্ণ হৈছে।

এই সফলতা প্ৰকল্পটোৰ সামগ্ৰিক অগ্ৰগতিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে চিহ্নিত হয়। প্ৰকল্পটোৰ অন্যান্য গুৰুত্বপূৰ্ণ কাম-কাজসমূহতো যথেষ্ট অগ্ৰগতি হৈছে। মুঠ ৩২.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ লাইনিঙৰ কাম ইতিমধ্যে ১২ টা সুৰংগত সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও, সুৰংগৰ ভিতৰত ২১ কিলোমিটাৰতকৈও অধিক বালাষ্টবিহীন ট্ৰেকৰ স্থাপন সম্পূৰ্ণ কৰা হৈছে, যাৰ ফলত প্ৰকল্পটো পৰিচালন প্ৰস্তুতিৰ দিশে আগবাঢ়িছে। সেৱক-ৰংপো নতুন ৰে’ল সংযোগ প্ৰকল্প হৈছে ভাৰতীয় ৰে’লৱেৰ ৰাজধানী সংযোগ প্ৰকল্পৰ বিস্তৃত পদক্ষেপৰ অংশৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ যোগাযোগ প্রকল্প। এই প্ৰকল্পৰ লক্ষ্য হৈছে ছিকিম ৰাজ্যক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰা।

প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৪.৯৬ কিলোমিটাৰ, যাৰ ভিতৰত ৪১.৫৫ কিলোমিটাৰ পশ্চিম বংগত আৰু ৩.৪১ কিলোমিটাৰ ছিক্কিমত আছে। এই পথটোৰ প্ৰায় ৩৮.৬২৩ কিলোমিটাৰ (প্ৰায় ৮৬%) সুৰংগৰ মাজেৰে যায়, ২.২৪ কিলোমিটাৰ সেতু অতিক্ৰম কৰি, ৪.৭৯ কিলোমিটাৰ ওপেন কাটিং আৰু ষ্টেচন য়াৰ্ডৰ মাজেৰে যায়। এই নিৰ্মাণ কাৰ্যত ১৪ টা সুৰংগ অন্তৰ্ভুক্ত আছে, যাৰ ভিতৰত আটাইতকৈ দীঘল সুৰংগটো প্ৰায় ৫.৩০ কিলোমিটাৰ আৰু আটাইতকৈ চুটি সুৰংগটো প্ৰায় ৫৩৮ মিটাৰ। প্ৰকল্পটোত ১৩ খন বৃহৎ সেতু আৰু ১০ খন সৰু সেতু অন্তৰ্ভুক্ত আছে। নতুন ৰে’লপথটোত পাঁচটা ষ্টেচন থাকিব অৰ্থাৎ সেৱক, ৰিয়াং, মেলি, ৰংপো লগতে তিস্তা বজাৰত এটা ভূগৰ্ভস্থ হল্ট ষ্টেচন থাকিব, যি প্ৰকল্পটোৰ অনন্য আন্তঃগাঁথনি বৈশিষ্ট্যসমূহৰ ভিতৰত অন্যতম।

সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰকল্পটোৱে ছিক্কিমক সংযোগ কৰি যাতায়তৰ যথেষ্ট উন্নতি কৰিব আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অবিৰত যোগান নিশ্চিত কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰিব। সাধাৰণ নিৰ্মাণৰ কাম-কাজ, ৰে’লপথ স্থাপন আৰু ৰে’লৱে বৈদ্যুতিকৰণকে ধৰি সকলো দিশতে নিৰ্মাণ কাৰ্য ক্ৰমান্বয়ে আগবাঢ়ি আছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেই বাকী থকা নিৰ্মাণৰ কাম-কাজসমূহ সম্পূৰ্ণ কৰি ২০২৭ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সেৱক-ৰংপো ৰে’লৱে প্ৰকল্প সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, যি ছিক্কিম ৰাজ্যলৈ ৰে’ল সংযোগ যথেষ্ট বৃদ্ধি কৰাৰ লগতে আঞ্চলিক বিকাশ আৰু গতিশীলতাক সমৃদ্ধ কৰিব।