নিউজ ডেস্ক, ৬ ডিচেম্বৰ: প্ৰেমিকৰ ভাৰাঘৰত হত্যা কৰা নাছিল গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰী শ্বেতা আগৰৱালাক৷ প্ৰকৃততে মেঘাৱী ছাত্ৰীগৰাকীক হত্যা কৰিছিল তেওঁৰ প্ৰেমিক গোবিন্দ সিংহালে৷ হত্যা কৰা কথা স্বীকাৰ কৰিলে অভিযুক্ত গোবিন্দ সিংহালে৷ জানিব পৰা মতে, ঘটনাৰ দিনা শ্বেতা আৰু গোবিন্দৰ মাজত হৈছিল কাজিয়াৰ সূত্ৰপাত৷ খঙৰ ভমকত গোবিন্দই বেৰত খুন্দিয়াই দিছিল শ্বেতাক৷ মূৰত বেয়াকৈ আঘাত পোৱাত মৃত্যু হৈছিল শ্বেতাৰ৷ গোবিন্দৰ মাতৃ–ভগ্নীৰ সন্মুখতে সংঘটিত হৈছিল এই ঘটনা৷ জ্বলাই দিয়াৰ সময়ত সাক্ষী আছিল গোবিন্দৰ মাতৃ–ভগ্নী৷ আৰক্ষীৰ জেৰাত গোবিন্দই প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য৷