মাত্ৰ তিনিটা দিনৰ পূৰ্বে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ উত্তীৰ্ণ ছাত্র-ছাত্রীসকলৰ লগতে অভিভাৱকসকলৰ মাজত বিভিন্ন বিষয়ক নামভৰ্ত্তিক লৈ উৎকন্ঠাময় পৰিবেশৰ সৃষ্টি হৈছে৷ ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভর্তি কৰিব নতুবা বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে কিছু সংখ্যক ছাত্র-ছাত্রী বিবুদ্ধিত পৰে। ছাত্র-ছাত্রীসকলে কলা , বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে ভালদৰে অধ্যয়ন কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে। সাধাৰণতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ’লেই ছাত্র-ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তিৰ কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিবৰ বাবে বাধ্য কৰায় , কিন্তু এনে হোৱা উচিত নহয়। ছাত্র ছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নামভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয়। বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে । সেয়ে, ছাত্র বা ছাত্রীগৰাকীক আগ্ৰহ থকা বিষয়ত নামভৰ্তি কৰিবলৈ অভিভাবকে গুৰুত্ব দিব লাগে৷ যদি গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত যদি আগ্ৰহ থাকিলে কলা শাখাত নাম ভর্তি কৰিলে ভাল হয়। আকৌ , কোনো ছাত্র-ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ কলা শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে, গণিত বিষয়ক ভাল পায় কিন্তু বিজ্ঞানৰ জীৱ-বিজ্ঞান বিষয়টো ভাল নাপায় তেনে ছাত্র-ছাত্রীয়ে জীৱবিজ্ঞান বিষয়টো নোলোৱাকৈ বিজ্ঞান শাখাত নামভর্তি কৰিব পাৰে, একেদৰে জীৱবিজ্ঞান বিষয়টো ভাল পোৱা কিন্তু গণিত বিষয়টো ভাল নোপোৱা সকলে গণিত বিষয়টো নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে বিজ্ঞান শাখাত নামভর্তি কৰা ছাত্র-ছাত্রী সকলে গণিত তথা জীৱ-বিজ্ঞান দুয়োটা বিষয় নিৰ্বাচন কৰিলে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব, সেই সম্পৰ্কে ছাত্র-ছাত্রীসকলে এক সাম্যক ধাৰণা যুগুতাই ল’ব পাৰিলে শাখা নিৰ্বাচন কৰা ক্ষেত্রত যথেষ্ট সুবিধা হ’ব। ইয়াৰ উপৰিও শাখা নিৰ্বাচন কৰোতে ছাত্র-ছাত্রীসকলৰ হবি বোৰকো গুৰুত্ব প্রদান কৰিলে ভাল হয়। ইয়াৰ লগতে অভিভাৱকসকলৰ আৰ্থিক অৱস্থাও চাব লাগিব। ছাত্র-ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ ক্ষেত্রত ই এক বিশেষ ভূমিকা গ্রহণ কৰে। যিসকল ছাত্র-ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে । ইয়াৰ উপৰি বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি কৰোতে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি। যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ www.education.nic.in, বিশ্ববিদ্যালয় অনুদান আয়োগৰ www.ugc.ac.in, ভাৰতীয় চিকিৎসা পৰিষদৰ  www.mciindia.org ,ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদৰ  www.naac.gov.in, নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদৰ  www.aicte-india.org,ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ  www.aiuweb.org ,দূৰ শিক্ষা পৰিষদৰ  www.dec.ac.in , ভাৰতীয় নাৰ্ছিং পৰিষদৰ  http://www.indiannursingcouncil.org, আৰ্কিটেকচাৰ পৰিষদৰ http://www.coa.gov.in, ভাৰতীয় বাৰ পৰিষদৰ  www.barcouncilofindia.org  আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটোও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব। তদুপৰি মহাবিদ্যালয়/বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লোৱা উচিত ,যেনে -পুথিভঁৰাল,ইণ্টাৰনেট আদি সা-সুবিধা আছে নে নাই, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত। সেইদৰে, থকা সা-সুবিধা কেনে ,পঢ়াৰ সুবিধা কেনেকুৱা সেই বিষয়েও জনা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ’ল – শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী , শিক্ষানুষ্ঠানখন ঘৰৰ পৰা ওচৰত নে আঁতৰত অৱস্থিত , শিক্ষানুষ্ঠানখনৰ শিক্ষকসকল অভিজ্ঞ হয় নে নহয় , নামভৰ্ত্তিৰ মাচুল , টিউচন মাচুল কিমান , আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই, নামভৰ্তি প্রক্রিয়া শিক্ষান্ত পৰীক্ষাৰ নম্বৰ ওপৰত নে বাচনি পৰীক্ষাৰ ভিত্তিত হয়, শিক্ষানুষ্ঠানখনৰ উত্তীৰ্ণ হাৰ কেনেকুৱা , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান আদি বিষয়ে জানি ল’লে ভাল হয় । খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activities কৰিবৰ বাবে সুবিধা আছে নে নাই, শিক্ষানুষ্ঠানখন নিৰাপদ আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় জানি ল’ব লাগে ।