নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী, ২০২৫ : উত্তৰ-পূব ভাৰতৰ অন্যতম বিশ্বাসযোগ্য জুৱেলাৰী ব্ৰেণ্ড এম পি জে জুৱেলাৰ্ছে এইবাৰ ব্ৰেণ্ডটোৰ নতুন অধ্যায় আৰম্ভ কৰিছে শ্বিলঙত। শুকুৰবাৰে শ্বিলঙৰ পুলিচ বজাৰত এক ভব্য অনুষ্ঠানত শুভ উদ্বোধন কৰা হয় এম পি জে জুৱলাৰ্ছৰ ৬৫০০ বৰ্গফুটৰ নান্দনিক শ্ব’ৰুমটো (Showroom)। শ্বিলঙৰ পুলিচ বজাৰৰ জেইল ৰোডত অৱস্থিত ক’ৰ্টয়াৰ্ড বাই মেৰিয়ট প্ৰাংগনৰ বিপৰীতে এম পি জে জুৱেলাৰ্ছৰ নতুন শ্ব’ৰুমটো শুকুৰবাৰে কেইবাগৰাকীও বিশিষ্ট অতিথি আৰু ব্যক্তিৰ উপস্থিতিত সংগীত তাৰকা তথা ইউথ আইকন জেছি লিংডোই মুকলি কৰে।

২০১২ চনৰ পৰাই শ্বিলঙত এম পি জে জুৱেলাৰ্ছে তেওঁলোকৰ উৎকৃষ্টমানৰ গহনাৰ ডিজাইনত আধুনিকতাৰ স্পৰ্শ, বিশ্বাস আৰু পৰম্পৰাৰ সংমিশ্ৰণেৰে মেঘালয়বাসী লোকসকলৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়ি তুলিছে। ব্ৰেণ্ডটোৰ এই নতুন পদক্ষেপৰ বিষয়ে ব্যক্ত কৰি এম পি জে জুৱেলাৰ্ছৰ পৰিচালন সঞ্চালক সৌমিক ৰয় চৌধুৰীয়ে কয়, “এম পি জে জুৱেলাৰ্ছ উত্তৰ-পূব ভাৰতৰ গহনা উদ্যোগৰ এক আগশাৰীৰ নাম। শ্বিলঙৰ এই নতুন আৰু বৃহৎ শ্ব’ৰুম আমাৰ ব্ৰেণ্ডৰ বাবে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্বিলংবাসীৰ আনন্দ-উচ্ছ্বাস আৰু অধিক বৃদ্ধি কৰিবৰ বাবে ইয়াত আমি আমাৰ সৰ্বশ্ৰেষ্ঠ গহনা সংকলন উপলব্ধ কৰাৰ ব্যৱস্থা লৈছো। এই শ্ব’ৰুমটো হৈছে উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ শ্ব’ৰুম, যিয়ে আমাক উৎকৰ্ষতাৰ পথত আৰু এখোজ আগুৱাই লৈ যাব।”

ইফালে, শ্ব’ৰুমটো উদ্বোধন কৰি সংগীতজ্ঞ জেছি লিংডোই কয়, “এম পি জে জুৱেলাৰ্ছৰ গহনা এনে এক সৌন্দৰ্য্যৰ প্ৰতিফলন যিয়ে যিকোনো সাজ-পোছাকক সহজেই সুন্দৰভাৱে উপস্থাপনীয় কৰি তোলে। তেওঁলোকৰ শিল্পকলা সঁচাকৈয়ে অতুলনীয়। মোৰ বিশ্বাস এম পি জেৰ উপস্থিতিত শ্বিলং আৰু অধিক জিলিকি উঠিব!” উল্লেখ্য যে, ইতিমধ্যেই এম পি জে জুৱেলাৰ্ছে পৰম্পৰাগত ২২ কেৰেটৰ সোণৰ গহনাৰ পৰা আৰম্ভ কৰি হীৰা আৰু প্লেটিনামৰ আধুনিক ডিজাইনলৈকে বিভিন্ন ধৰণৰ গহনাসমূহৰ এক সমৃদ্ধ সংগ্ৰহ উপস্থাপন কৰিছে। ব্ৰেণ্ডটোৱে  সৌন্দৰ্য্য আৰু সুলভ মূল্য দুয়োটাই নিশ্চিত কৰি ২২, ১৮, আৰু ১৪ কেৰেটৰ সোণৰ গহনাৰ বিস্তৃত সংগ্ৰহৰ জৰিয়তে সকলো শ্ৰেণীৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে।

বিবাহ অনুষ্ঠানৰ বাবে বিশেষ সংগ্ৰহ, দৈনন্দিন গহনা, পুৰুষৰ বাবে সোণ, হীৰা, প্লেটিনাম আদিৰ বিশেষ সংগ্ৰহ আদিও আগবঢ়াই আহিছে এম পি জে জুৱেলাৰ্ছে। তদুপৰি জ্যোতিষশাস্ত্ৰ অনুযায়ী এম পি জেত বহুমূলীয়া ৰত্ন সংগ্ৰহো উপলব্ধ আছে। ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ চাৰিখন ৰাজ্যত ১৫ টাতকৈও অধিক শ্ব’ৰুমৰ সৈতে নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে এম পি জে জুৱেলাৰ্ছে। অসমৰ গুৰুত্বপূৰ্ণ চহৰ যেনে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ, নগাঁও, বৰপেটা, বঙাইগাঁও, ধুবুৰী; মেঘালয়ৰ শ্বিলং, ত্ৰিপুৰাৰ আগৰতলাত তেওঁলোকৰ শ্ব’ৰুম আছে। অতি সোনকালেই ব্ৰেণ্ডটোৱে অৰুণাচল প্ৰদেশৰ ইটানগৰত নতুন শ্ব’ৰুম মুকলি কৰিবলৈও সাজু হৈছে।

ইয়াৰ উপৰিও সম্প্ৰতি সমগ্ৰ পশ্চিম বংগ আৰু উত্তৰ-পূব ভাৰতত এম পি জে জুৱেলাৰ্ছৰ ৩৫ খন ষ্ট’ৰ আছে। কোম্পানীটোৰ এগৰাকী মুখপাত্ৰই কয়, ”আমি অহা দুবছৰৰ ভিতৰত আমাৰ শ্ব’ৰুমৰ সংখ্যা ৫০ টালৈ বৃদ্ধি কৰাৰ দিশত কাম কৰি আছো। কেৱল এই বছৰতে আমি আঠখন নতুন ষ্ট’ৰ মুকলি কৰিম। ইয়াৰে চাৰিখন ষ্ট’ৰ উত্তৰ-পূব ভাৰতৰ ইটানগৰ, তিনিচুকীয়া, আৰু লখিমপুৰত মুকলি কৰা হ’ব আৰু বাকী চাৰিখন ষ্ট’ৰ পশ্চিম বংগত মুকলি কৰা হ’ব। আমাৰ লক্ষ্য হৈছে পূব ভাৰতৰ অন্যতম আগশাৰীৰ ব্ৰেণ্ডেড গহনা কোম্পানী হিচাপে পৰিগণিত হোৱা।’’