নিউজ ডেস্ক, ১৬ আগষ্ট, ২০২৫ : শ্বিলং লাজং (Shillong Lajong) এফ চিয়ে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ শ্বিলংৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজং এফ চিয়ে ২-১ গ’লত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক৷ উল্লেখ্য যে খেলৰ ৬৯ মিনিটলৈ লাজং ১ গ’লত পিছ পৰি আছিল যদিও দহ মিনিটৰ ভিতৰত দুটা গ’ল কৰি তৃতীয়বাৰৰ বাবে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ অন্তিম চাৰিলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

মণিপুৰত খেলা গ্ৰুপৰ মেচত সকলোকে চমক দিয়া নৌ সেনাৰ দলে এইবাৰ উত্তৰ-পূৱ ভাৰতৰ ফুটবলৰ আবেগিক আন এখন পাহাৰীয়া ৰাজ্য মেঘালয়তো উজলি উঠে৷ খেলৰ আৰম্ভনিৰ পৰাই সেনাৰ দলেটোৱে শ্বিলং লাজঙক চাপত ৰখি আক্ৰমণ কৰে৷ কিন্তু গ’লৰক্ষক ছিৱালৰ দৃঢ়তাৰ বাবেই লাজং দুবাৰকৈ ৰক্ষা পৰিছিল৷ ৩৮ মিনিটত ছিবালে বল আয়ত্ব কৰিবলৈ বক্সৰ বাহিৰলৈ ওলাই অহাৰ ভুলৰ সুযোগ লৈয়ে নৌ সেনাৰ বিজয় মাৰান্দিয়ে গ’ল কৰি বিৰতিলৈ দলক আগুৱাই ৰাখে৷ অৱশ্যে প্ৰথমাৰ্ধত লাজঙেও গ’ল কৰাৰ সুযোগ পাইছিল৷ কিন্তু নৌ সেনাৰ অধিনায়ক তথা গ’লৰক্ষক ভাস্কৰে অনবদ্যৰূপত দুৰ্গ ৰক্ষা কৰিবলৈ সক্ষম হয়৷

দ্বিতীয়াৰ্ধত ৰঙা জাৰ্ছি পৰিহিত লাজঙৰ সমৰ্থকৰ কোলাহলে উদ্ভাসিত কৰি তোলে ষ্টেডিয়াম৷ আনহাতে, লাইট জ্বলি উঠাত খেলপথাৰৰ পৰিৱেশ চমকিত হোৱাৰ লগতে শ্বিলং লাজং দলৰ খেলো সলনি হৈ যায়৷ অনুৰাগীৰ সমৰ্থনে খেলুৱৈসকলৰ অতিৰিক্ত শক্তি বৃদ্ধিত সহায় কৰে৷ ৬৯ মিনিটত ইয়াৰ সুফল দলে লাভ কৰে আৰু ডামাইটে গ’ল কৰি মেচত সমতা স্থাপন কৰে৷ ৭৯ মিনিটত লাজঙে লাভ কৰে পেনাল্টি৷ ছানাই এই সুযোগ নষ্ট নকৰি দলৰ হৈ বিজয়সুচক গ’লটো কৰে৷

প্ৰতিযোগিতাত জামছেদপুৰৰ জে আৰ ডি ক্ৰীড়া প্ৰকল্পত হ’বলগা তৃতীয় কোৱাৰ্টাৰ ফাইনেলত জামছেদপুৰ এফ চি মুখামুখি হ’ব ডাইমণ্ড হাৰবাৰ এফ চিৰ৷ আনহাতে, কলকাতা ডাৰ্বিত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিয়ে অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেলিব৷