নিউজ ডেস্ক, ৩ অক্টোবৰ, ২০২৫ : ভাৰতে (India) বুধবাৰে সামৰণি পৰা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত সৰ্বাধিক পদক জয় কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে৷ নতুন দিল্লীৰ ডাঃ কাৰ্ণী সিঙ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে ছটা সোণ, আঠটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰে মুঠ ১৯ টা পদকৰ অৰ্জন কৰি তালিকাৰ শীৰ্ষস্থানত থাকিবলৈ সক্ষম হয়৷
উল্লেখ্য যে একাদশ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত ১৫ টা অলিম্পিক ইভেণ্টত খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে তিনিটা অলিম্পিকত নথকা ইভেণ্টৰো খেল অনুষ্ঠিত হৈছিল৷ ভাৰতীয় শ্বুটাৰে নন-অলিম্পিক ইভেণ্টতো সফলতা লাভ কৰি দুটা সোণ, সমসংখ্যক ৰূপ আৰু তিনিটা ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয়৷
পদক তালিকাত ভাৰতৰ পাছতে দ্বিতীয় স্থানত থাকে নিৰপেক্ষ খেলুৱৈৰ দলটো৷ তেওঁলোকে চাৰিটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ দহটা পদক অৰ্জন কৰে৷ ইফালে, ইটালীয়ে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰে পাঁচটা পদক জয় কৰি তালিকাৰ তৃতীয় স্থানত থাকে৷