গুৱাহাটী, ২১ ফেব্ৰুৱাৰী, ২০২৪ : অসম বিধানসভা অধিবেশন চলি থকা সময়তে প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰক তীব্ৰ সমালোচনা কৰি সংবাদমেল সম্বোধন কৰাৰ পাছত এইবাৰ মঙলবাৰৰ পৰা চচলৰ নিৰ্ধাৰিত ধর্ণাস্থলীত অবিৰত ধৰ্মঘট কাৰ্যসূচীত বহিছে শিলসাঁকো (Silsaku) উচ্ছেদ প্ৰতিৰোধী ৰাইজ। প্ৰায় দুটা বছৰে শিলসাঁকোৰ উচ্ছেদিতই পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপুৰনৰ দাবীৰে নিৰৱিচ্ছিন্নভাৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যদিও বৰ্তমানলৈকে চৰকাৰে উচ্ছেদিত সকলৰ দাবী সমূহ পূৰণ নকৰাত চলিত বিধানসভা অধিবেশনক লক্ষ্য কৰি শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বত জোৰদাৰ প্ৰতিবাদ গঢ়ি তুলিছে উচ্ছেদিতই।

গুৱাহাটী বানপানী নিৰ্মূল কৰাৰ স্বাৰ্থত শিলসাঁকো মুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰ প্ৰশাসন আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই তিনিটা পৰ্যায়ত বৃহৎ আৰক্ষী বাহিনীৰ মোতায়েনেৰে জোৰদাৰ অভিযান চলাই ১২০০ টা পৰিয়ালক উচ্ছেদ কৰাৰ পাছৰে পৰা এই উচ্ছেদক বে-আইনী, আক্ৰোষ, বৈষম্যমূলক আখ্যা দি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক ৰূপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উচ্ছেদিত পৰিয়াল সমূহে। উল্লেখযোগ্য যে, উচ্ছেদস্থলীত দীৰ্ঘদিনৰ পৰা অসমৰ থলুৱা লোক সকলে চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ঘৰৰ নং, বিজুলী, পানী, ৰাস্তা-ঘাট, নলা-নৰ্দমাকে ধৰি প্ৰায় সকলোবোৰ সা-সুবিধা উপভোগ কৰি বসবাস কৰি অহাৰ সমান্তৰাভাৱে জিঞ্জাৰ, আইডিয়েল হিল ভিউ, আই চি এম, বদৰুদ্দিন আজমলৰ সম্পত্তি, পৃথিৱী গ্ৰীণচ, অমিয় কুমাৰ দাস ইনষ্টিটিউটকে ধৰি বিভিন্ন ধনী ব্যক্তি, পুঁজিপতি বণিয়া আৰু ৰাজনীতিকক ভূমি প্ৰদান কৰি আহিছে চৰকাৰে। তেনেস্থলত চৰকাৰৰ শেহতিয়া উচ্ছেদ অভিযানত বণিয়াৰ অট্টালিকা, ৰাজনীতিকৰ সম্পত্তি সম্পূৰ্ণ ৰূপে ৰক্ষণাবেক্ষণ দি কেৱল থলুৱা, দুখীয়া, মধ্যবিত্ত পৰিয়াল সমূহকহে উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে উচ্ছেদিত পৰিয়াল সমূহে।

এই ক্ষেত্ৰত চৰকাৰে ১৭ টা প্ৰতিষ্ঠানৰ এখন তালিকা প্ৰস্তুত কৰি এমাহৰ ভিতৰত এই অট্টালিকা সমূহ ভাঙি দিয়া হ’ব বুলি ঘোষণা কৰাৰ পাছতো কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে আন্দোলনৰত উচ্ছেদিত পৰিয়াল সমূহে। এটা দিন পূৰ্বে সংবাদমেল অনুষ্ঠিত কৰি উচ্ছেদ প্ৰতিৰোধী ৰাইজে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপনৰ সমান্তৰালভাৱ নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা ঘৰখন ভাঙি দিয়াৰ পাছত দুখ আৰু বেদনা হ’ব নোৱাৰি হৃদযন্ত্ৰ বিকল হৈ অথবা উচ্চ ৰক্তচাপ জনিত ৰোগত অকালতে কৰুণ মৃত্যুক আঁকোৱালি লোৱা সতীৰ্থ আন্দোলনকাৰী সকলৰ পৰিয়াল সমূহৰ উপস্থিতিত মৃত ব্যক্তি কেইজনৰ নাম আৰু ফটো ৰাজহুৱা কৰি চৰকাৰে তেওঁলোকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মঙলবাৰৰ পৰা ৰূপায়িত ধাৰাবাহিক অৱস্থান কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা মৃত ব্যক্তি কেইজনৰ ফটো আঁৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰী সকলে। অবিৰত অৱস্থানৰ আজি দ্বিতীয় দিনাও পুৱা সতীৰ্থকেইজনৰ স্মৃতিত মাল্যাৰ্পন কৰি কাৰ্যসূচী আৰম্ভ কৰে প্ৰতিবাদকাৰিয়ে।

আন্দোলনৰ নেত্ৰী গায়ত্ৰি বৰিয়ে তীব্ৰ উষ্মা প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় “আমি চৰকাৰৰ কোনো ভাবুকি লৈ ভয় নকৰোঁ। চৰকাৰে আমাৰ উপৰত আন্দোলন বন্ধ কৰিবৰ কাৰণে তীব্ৰ চাপ সৃষ্টি কৰিছে, আমাৰ মাজত বিভাজন ঘটাব বিচাৰিছে। কিন্তু আমি এক হৈ আছোঁ আৰু থাকিম। আমাক চৰকাৰে পুনৰ সংস্থাপন দিবই লাগিব তাৰ বাবে আমি বদ্ধ পৰিপক্ক। আমি শেষ পয্যায় লৈকে যুঁজিম।” প্ৰতিবাদ অংশ লৈ উচ্ছেদিত ব্ৰজবাসী সিংহা, প্ৰদীপ দাস, বিটুমনি দাস বেগম, জয়ন্তি দত্ত, কদমী কোচ কয় যে চৰকাৰে আমাৰ ক্ষেত্ৰত চূডান্ত অন্যায় কৰিছে আমি কোনো বিদেশী নহয় অসমত জন্ম হোৱা সকলো আমি অসমীয়া। কিন্তু একে ঠাইতে হিমৎসিংকা, টাটাৰ জিঞ্জাৰ, আজমল হঁতে মাটি পালে আমি থলুৱা হৈ যুগ যুগ ধৰি বসবাস কৰিও নিজৰ ভেটি মাটি পৰা উচ্ছেদিত হলো। এইখন চৰকাৰে নিজকে খিলঞ্জীয়া চৰকাৰ বুলি কয়, জাতি মাটি ভেটিৰ কথা কয়। হিমন্ত বিশ্ব শৰ্মাই নিজকে খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰী বুলি কয়, কিন্তু এই চৰকাৰ আৰু এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনতে আমি খিলঞ্জীয়া নিজৰ ঘৰ-মাটি হেৰুৱাই অঘৰী হলো, এজন এজন কৈ আমাৰ সতীৰ্থ ন্যায় পৰা বঞ্চিত হৈ দুখ আৰু বেদনা সহিব নোৱাৰি অকালতে মৃত্যু হৈছে আৰু পুঁজিপতি বণিয়াই একে মাটিতে সজা অট্টালিকা সুৰক্ষিত হৈ আছে। আমাৰ ভেটিবোৰতো লাহে লাহে ডাঙৰ ডাঙৰ অট্টালিকা সজাৰ বাবে যো জা কৰিছে। চলিত বিধান সভাৰ শেষৰ দিনটো লৈকে আমি বাট চাম। চৰকাৰে যদি আমাক পুনৰ সংস্থাপনৰ কোনো সিদ্ধান্ত নলয়, তেন্তে আমি যিকোনো পৰিস্থিতিৰ মুখামুখী হ’বলৈ সাজু হম। নিজৰ জনমভূমি নিজৰ আপোন ঘৰখন হেৰুৱাই অঘৰী হৈ পথৰ ভিক্ষাৰি দৰে জীয়াই থকাত কৈ মৃত্যু আমাৰ বাবে শ্ৰেষ্ঠ হ’ব। মানসিক চাপত মৃত্যু হোৱা উচ্ছেদিত পৰিয়াল সমূহৰ সদস্য সকলৰ কান্দোনত চচল ধৰ্ণা স্থলীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

প্ৰদিবাত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া আৰু আকাশ দলে বক্তব্য প্ৰদান কৰে। ভাষণ প্ৰসঙ্গত বিদ্যুৎ শইকীয়াই কয় যে বসুন্ধৰা আঁচনি জৰিয়তে থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা বুলি ব্যাপক প্ৰচাৰ চলোৱা বিজেপি চৰকাৰৰ দিনত কেনেকৈ থলুৱা মানুহৰ মাটি কাঢ়ি বনিয়াক সুৰক্ষিত কৰা হৈছে সেয়া আজিৰ শিলসাঁকোৰ ছবি নুচুৱা অন্ধ ভক্ত সকলে কেতিয়াও উপলদ্ধি কৰিব নোৱাৰে। যি আমি নিজে উচ্ছেদৰ দিন ধৰি প্ৰত্যক্ষ কৰি আহিছোঁ।এইয়া অসমীয়া হিচাপে থলুৱা প্ৰতি এই অন্যায়ে আমাক অধিক উত্তেজিত কৰি তুলিছে। চৰকাৰে অতি সোনকালে উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপন নিদিলে সৃষ্টি হোৱা পৰিবেশৰ বাবে চৰকাৰে জগৰীয়া হ’ব। আকাশ দলে কয় যে অসমীয়াৰ এই নাজল নাথল অৱস্থা দেখি আমি আবেগিক হৈ পৰিছো। মুখত থলুৱাৰ কথা কৈ ভিতৰি বণিয়া হকে কাম কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শিক্ষা দিবলৈ আমি সকলো সাজু হ’ব লাগিব। বণিয়াৰ চৰকাৰক উৎখাত নকৰিলে সমগ্ৰ অসমতে এদিন শিলসাঁকোৰ দৰে পৰিবেশৰ সৃষ্টি হ’ব।