শিমলুগুৰি, ১২ অক্টোবৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিমলুগুৰি আঞ্চলিক সমিতিৰ সৌজন্যত নিমাইগড় হাবি ৰাজহুৱা খেলপথাৰত ২২ অক্টোবৰ ৰ পৰা স্বৰ্গীয় ৰজনী হাতীমূৰীয়া আৰু স্বৰ্গীয় বাহশ্বৰী হাতীমূৰীয়া চলন্ত ট্ৰফী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে ফুটবল প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ ১৬ অক্টোবৰ আৰু যোগদানৰ মাচুল ৭০০ (সাতশ) টকা। জাতি জনগোষ্ঠীৰ লোকৰ মাজত সুসমন্বয় আৰু নতুন প্ৰজন্মৰ মাজত ক্ৰীড়া সংস্কৃতি সুলভ মনোভাৱ আৰু শাৰীৰিক উৎকৰ্ষ সাধনত অৱদান যোগাই অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিয়ে খেলখনৰ আয়োজনত ৰাইজৰ সহযোগিতা কামনা কৰিছে। ইচছুক দলক ৯৫৭৭০৮২১৬০, ৮৬৩৮৫৩৪৪৩৪, ৯৮৫৯১৯২৩৯৫ নম্বৰত যোগাযোগ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰূপম শইকীয়াই আহ্বান জনাইছে।