গুৱাহাটী, ১২ ডিচেম্বৰ, ২০২৩ : নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ বিৰুদ্ধে এছ টি এফ (STF) বাহিনীৰ বৃহৎ অভিযান। নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ ৬ জনকৈ সদস্য পৰিল এছ টি এফ বাহিনীৰ জালত। জব্দ নকল সোণৰ নাওঁসহ লক্ষাধিক নকল টকা। নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ লগত জড়িত পশ্চিম বংগ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশৰ আৰু অসমৰ লখিমপুৰ এজন লোক পৰিছে এছ টি এফ বাহিনীৰ জালত। অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক জেৰা অব্যাহত।

মঙলবাৰে অসম আৰক্ষীৰ এছ টি এফ বাহিনীৰ এটা দলে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ বিৰুদ্ধে অভিযান চলাই এই সাফল্য লাভ কৰে এছ টি এফ বাহিনীৰ এটা দলে। এক গোপন খবৰৰ ভিত্তিত এছ টি এফ বাহিনীৰ এটা দলে মহানগৰীৰ বশিষ্ঠ অঞ্চলৰ লালমাটিৰ অভিযান চলাই নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ ৬ জনকৈ সদস্যক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোক কেইজনৰ কবলৰ পৰা অভিযানকাৰী দলটোৱে ৩ টাকৈ নকল সোণৰ নাওঁ আৰু ১ লাখ ৪ হাজাৰ ৭০০ টকাৰ নকল টকা জব্দ কৰে। ইয়াৰ লগতে ১ লাখ ৮ হাজাৰ ৪৯০ টকাৰ আচল টকাও জব্দ কৰে অভিযানকাৰী দলটোৱে।

এছ টি এফ বাহিনীৰ জালত পৰা নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ সদস্য কেইজন হৈছে ক্ৰমে পশ্চিম বংগৰ দেৱদাস হালদাৰ, সন্তোষ মণ্ডল, নৃত্য হালদাৰ, উত্তৰাখণ্ডৰ মনোজ কুমাৰ, উত্তৰ প্ৰদেশৰ শিৱৰ কুমাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাদ্দাম হুছেইন। পশ্চিম বংগ, উত্তৰাখণ্ড আৰু উত্তৰত প্ৰদেশৰ লোক কেইজনে অসমৰ লখিমপুৰৰ ছাদ্দাম হুছেইনৰ পৰা নকল সোণৰ নাওঁ আৰু নকল টকা নিবলৈ আহিছিল। এছ টি এফ বাহিনীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰটোক জালত পেলাবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে লোক কেইজনক জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে।

উল্লেখ্য যে, সোমবাৰে নিশাৰ ভাগত মহানগৰ আৰক্ষীয়ে নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ বিৰুদ্ধে এক অভিযান চলাইছিল। অভিযানকালত নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ দুজন সদস্যক আৰক্ষীয়ে আটক কৰিছিল। মহানগৰীৰ কটাবাৰী অঞ্চলৰ এটা ভাড়া ঘৰত অভিযান চলাই চক্ৰটোৰ দুজন সদস্যক ৪ খন নকল সোণৰ নাওঁ, ২ টা নকল সোণৰ মূৰ্তি আৰু বৃহৎ পৰিমাণৰ নকল টকাসহ আটক কৰিছিল। ধৃত লোক দুজন নগাঁৱৰ ছফিকুল ইছলাম আৰু লখিমপুৰৰ ছাহাবুদ্দিন। লোক দুজনে দীর্ঘদিন ধৰি কটাবাৰী অঞ্চলত ভাড়া ঘৰত থাকি নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ী চলাই আছিল।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল ৰাজ্যত নকল সোণ আৰু নকল টকা ব্যৱসায়ী চক্ৰৰ ভয়াবহ তথ্য। নকল সোণ আৰু নকল টকাৰ এই জগতখনৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধেও। কিছুদিন পূৰ্বে মহানগৰীৰ দক্ষিণগাঁও অঞ্চলত আৰক্ষীয়ে এক অভিযান চলাই এই চক্ৰটোৰ দুজন সদস্যক আটক কৰিছিল। দুয়ো দক্ষিণগাঁৱত ভাড়া ঘৰৰ পৰাই চলাই আছিল নকল সোণ আৰু নকল টকাৰ ব্যৱসায়।