সংবাদ ৩৬৫, ৫মাৰ্চ : ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা ,নিৰাপত্তা আৰু নিয়ন্ত্ৰন ব্যৱস্থাটো অধিক উন্নত কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অত্যাধুনিক প্ৰযুক্তিৰ স্মা্ৰ্ট ফেন্সিং ব্যৱস্থা প্ৰবৰ্তন কৰাৰ বাবে এখন আঁচনি গ্ৰহন কৰিছে ।

মঙ্গলবাৰে ‘সামূহিক সমন্বিত সীমান্ত ব্যৱস্থাপনা পদ্ধতি’ চমুকৈ চি আই বি এম এচ আঁচনিৰ অধীনত বি অ এল ডি-কিউ আই টি নামেৰে পৰিচিত  স্মাৰ্ট ফেন্সিং প্ৰবন্ধ ধুবুৰীৰ ভাৰত বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে উদ্ধোধন কৰে । উদ্ধোধন স্থলিত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বীনন্দ সোনোৱাল, সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধান শ্ৰী ৰজনীকান্ত মিশ্ৰকে ধৰি বাহিনীটোৰ অন্য কেইবাগৰাকী বীৰ বিষয়া উপস্থিত থাকে ।

উল্লেখ্য যে ভাৰত বাংলাদেশৰ ৪০৯৬ কি:মি: আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত আছে সীমান্ত নিৰাপত্তা বাহিনী । ইয়াৰে ভিতৰত ধুবুৰীৰ ব্ৰক্ষ্মপুত্ৰৰ জলপথত থকা ৬১ কি:মিকে ধৰি বহু অঞ্চলত ভৌগোলিক জটিলতাৰ কাৰণে কাটাঁতাৰৰ বেৰ দিয়াটো সম্ভৱ নহয় । যাৰ বাবে নদীপথকে ধৰি ভৌগোলিক জটিলতাৰ কাৰণত কাটাঁতাৰৰ বেৰ দিব নোৱাৰা স্থান সমূহত গৃহ মন্ত্ৰালয়ে অত্যাধুনিক প্ৰযুক্তিৰ স্মাৰ্ট ফেন্সিং স্থাপনৰ বাবে বিগত ২০১৮ চনৰ জানুৱাৰী মাহত সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

এই নতুন প্ৰযুক্তিৰ প্ৰবৰ্তন হলে সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এচ এফে কোনো লোক সীমান্ত পাৰ হব খুজিলে বা সীমান্তৰ ওচৰলৈ আহি সামগ্ৰী সৰবৰাহ কৰিবলৈ চেষ্টা কৰিলেই ধৰা পৰি যাব । সীমান্তৰ নিয়ন্ত্ৰণ কক্ষত থকা বি এচ এফে লগে লগে গম পাই যাব যে সীমান্তৰ কোনটো স্থানত অনুপ্ৰবেশ বা চোৰাংকৈ সা সামগ্ৰীৰ সৰবৰাহৰ চেষ্টা চলিছে ।

বিগত বছৰৰ ছেপ্টেম্বৰ মাহত জম্মুৰ ভাৰত পাকিস্থান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাঁচ কি:মি: (প্ৰত্যেকৰে) দুটা স্থানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে পাইলট প্ৰবন্ধ হিচাপে স্মাৰ্ট ফেন্সিং প্ৰবন্ধটো উদ্ধোধন কৰিছিল | এই প্ৰবন্ধটি প্ৰবৰ্তন হলে বি এচ এফে সীমান্তত পহৰাৰ ব্যৱস্থাটো নিখুত কৰিব পাৰিব ।