নিউজ ডেস্ক, ২১ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) পৰিৱেশ-বান্ধৱ শক্তি আৰু ইউনিটসমূহ উন্নয়ন আগবঢ়োৱাৰ লক্ষ্যত নিজৰ অঙ্গীকাৰ অব্যাহত ৰাখি বিভিন্ন মণ্ডল আৰু ইউনিটসমূহত সৌৰ শক্তি স্থাপনত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ২০১১ চনত সৌৰীকৰণ অভিযান আৰম্ভ হোৱাৰ পৰা ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেত মুঠ স্থাপিত সৌৰশক্তিৰ ক্ষমতা ৩১.৮৯০ মেগাৱাট পাৱাৰলৈ উন্নীত হৈছে। কেৱল চলিত ২০২৫–২৬ ৰ বিত্তীয় বৰ্ষতে অতিৰিক্ত ২২.৭৩৪ এমডব্লিউপি ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্প স্থাপন কৰা হৈছে, যিয়ে পুনৰ্নবীকৰণযোগ্য শক্তি গ্ৰহণৰ দিশত অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।
মণ্ডলসমূহৰ ভিতৰত লামডিঙে (গুৱাহাটী অংশসহ) সৰ্বাধিক মুঠ ১৩.৩৩৪ এমডব্লিউপিৰ প্ৰকল্প স্থাপন কৰি শীর্ষ স্থান দখল কৰিছে আৰু ৰঙিয়া মণ্ডলত ৮.৯৪১ এমডব্লিউপি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিছে। আলিপুৰদুৱাৰ, কাটিহাৰ আৰু তিনিচুকীয়া মণ্ডলসমূহ সামগ্ৰিক ক্ষমতা বৃদ্ধিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। এই সৌৰ শক্তিৰ স্থাপনসমূহে উল্লেখনীয়ভাৱে কাৰ্যকৰী সুবিধা প্ৰদান কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত (২৮ ফেব্ৰুৱাৰী, ২০২৬লৈকে), মাহেকীয়া গড় সৌৰ শক্তি উৎপাদন প্ৰায় ৯.১৮ লাখ ইউনিট পৰ্যন্ত হৈ আছে, পৰিণামস্বৰূপে মাহিলী গড় আৰ্থিক সঞ্চয় প্ৰায় ৬৮.৮০ লাখ টকা সম্ভৱ হৈছে। ই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাস কৰাৰ লগতে শক্তিৰ ব্যয় সঠিকভাৱে নিয়ন্ত্ৰণ কৰাৰ দৃষ্টিভংগীকেই প্ৰতিফলিত কৰিছে।
ইয়াৰ উপৰিও, পৰিৱেশ-বান্ধৱ শক্তিৰ ক্ষেত্ৰত অধিক শক্তিশালী অৱস্থান গঢ়ি তুলিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে বৰ্তমানে পাচোটা মণ্ডলত ১৯.১৪ এমডব্লিউপি অতিৰিক্ত সৌৰ ক্ষমতা বিভিন্ন পৰ্যায়ত স্থাপন কৰি আছে। লামডিং, ৰঙিয়া, কাটিহাৰ আৰু আলিপুৰদুৱাৰ মণ্ডলসমূহত অনাগত গুৰুত্বপূৰ্ণ প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰা হৈছে, যি অদূৰ ভৱিষ্যতে সামগ্ৰিক পুনৰ্নবীকৰণযোগ্য শক্তি ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব। এই পদক্ষেপসমূহ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ স্থায়ী বহনক্ষমতা উন্নয়নৰ দিশত ইয়াৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰাৰ লগতে ভাৰতীয় ৰে’লৱেত নেট-জিৰ’ কাৰ্বন নিৰ্গমন লক্ষ্য প্ৰাপ্তিৰ দৃষ্টিভংগী সমৰ্থন কৰাৰ ক্ষেত্ৰত প্ৰতি ইয়াৰ সক্ৰিয় ভূমিকাকো প্ৰতিফলিত কৰিছে। কেৱল পৰিৱেশ সংৰক্ষণত সহায় কৰা নহয়, বৰঞ্চ শক্তি ব্যয় হ্ৰাসৰ জৰিয়তে দীৰ্ঘম্যাদী আৰ্থিক লাভো নিশ্চিত কৰে।
