গুৱাহাটী, ৪ জানুৱাৰী ২০২৬ : ভাৰতৰ অন্যতম নিৰ্ভৰযোগ্য সৌৰ শক্তি (Solar Power) উৎপাদনকাৰী তথা বিশ্বৰ শীৰ্ষ ৩০ টা মডিউল নিৰ্মাতা গোষ্ঠীৰ অন্যতম গৌতম ছ’লাৰে গুৱাহাটীত ঘোষণা কৰিছে তেওঁলোকৰ পূৰ্ণাংগ সৌৰ সামগ্ৰীৰ তালিকা। সৌৰ পেনেলৰ লগতে সৌৰ ইনভাৰ্টাৰ, এ চি ডি বি আৰু ডি চি ডি বি অন্তৰ্ভুক্ত থকা এই তালিকাই উত্তৰ-পূবৰ বজাৰত প্ৰতিষ্ঠানটোৰ এক কৌশলগত সম্প্ৰসাৰণক সূচাইছে।

উল্লেখযোগ্য যে, এই ঘোষণাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এক কাৰিকৰী কৰ্মশালাৰো। য’ত নিৰ্ভৰযোগ্য তথা দীৰ্ঘম্যাদী সৌৰ প্ৰকল্প স্থাপন নিশ্চিত কৰিবলৈ সামগ্ৰীৰ উপলব্ধতাৰ লগতে প্ৰয়োজনীয় কাৰিকৰী জ্ঞানৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। মন কৰিবলগীয়া যে, বৰ্ধিত শক্তিৰ চাহিদা, বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু এক নিৰ্ভৰযোগ্য বিদ্যুৎ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব ভাৰতত বিকেন্দ্ৰীকৃত আৰু ৰুফ টপ সৌৰ প্ৰকল্প স্থাপনৰ ব্যাপক সম্ভাৱনা দেখা গৈছে।

গৌতম ছ’লাৰৰ কাৰিকৰী বিশেষজ্ঞসকলে সৌৰ মডিউল প্ৰযুক্তি, গুণগত মানদণ্ডৰ মাপকাঠি, কাৰ্যক্ষমতাৰ পেৰামিটাৰ আৰু সংস্থাপনৰ শ্ৰেষ্ঠ পদ্ধতিসমূহৰ ওপৰত গুৰুত্ব দি এক বিতং কৰ্মশালা পৰিচালনা কৰে। এই কৰ্মশালাৰ মূল লক্ষ্য আছিল অঞ্চলটোত কৰ্মৰত সৌৰ শক্তি বিশেষজ্ঞসকলৰ মাজত কাৰিকৰী সজাগতা বৃদ্ধি কৰাৰ লগতে সৌৰ ব্যৱস্থাৰ দীৰ্ঘকালীন নিৰ্ভৰযোগ্যতা নিশ্চিত কৰা। উল্লেখযোগ্য যে, এই অনুষ্ঠানত অসমৰ ক্ৰমবৰ্ধমান সৌৰ পৰিৱেশ তন্ত্ৰৰ সৈতে জড়িত ই পি চি গোষ্ঠী, সংস্থাপনকাৰী, বিতৰক আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত মন্তব্য আগবঢ়াই গৌতম ছ’লাৰৰ সঞ্চালক গৌতম মোহংকাই কয়, “ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চল হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ বিকাশশীল অঞ্চল। গুৱাহাটীত আমাৰ এই উপস্থিতিয়ে স্থানীয় সমৰ্থন আৰু সেৱাৰ সৈতে নিৰ্ভৰযোগ্য তথা উন্নত মানৰ সৌৰ সমাধান প্ৰদান কৰাৰ বাবে গৌতম ছ’লাৰৰ দীৰ্ঘম্যাদী দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।” এই পদক্ষেপৰ জৰিয়তে গৌতম ছ’লাৰে স্থানীয় ই পি চি, বিকাশক আৰু চৰকাৰী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সৌৰ শক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লৈছে।