গুৱাহাটী, ১৫ ডিচেম্বৰ, ২০২৫ : গুৱাহাটীত (Guwahati) প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে স্বনামধন্য সংগীতজ্ঞ চনু নিগমৰ একক লাইভ কনচাৰ্ট ‘দীৱানা তেৰা’ ট্যুৰ। অনুষ্ঠানৰ পূৰ্বে চনু নিগমে কয়, “অসম বেলেগ। ইয়াত পৰিবেশন কৰাৰ অৰ্থ হ’ল জ্ঞানী আৰু সংগীতপ্ৰেমী মানুহৰ সন্মুখত পৰিবেশন কৰা”, এই সন্ধিয়াটো আছিল শেহতীয়া বছৰবোৰত অঞ্চলটোৱে প্ৰত্যক্ষ কৰা অন্যতম স্মৰণীয় আৰু হৃদয়স্পৰ্শী সংগীত কনচাৰ্ট। দৰ্শকৰ উৎসাহৰ লগতে নিশাটোৰ আৱেগিক তাৎপৰ্য্যই এই ট্যুৰৰ মুকলি অনুষ্ঠানটোক এক অবিস্মৰণীয় আৰম্ভণি হিচাপে গঢ় দিয়ে।

কনচাৰ্টৰ বিস্তৃত চেট লিষ্ট অনুসৰি চনু নিগমে তেওঁৰ কেইটামান অতি আদৰৰ গীত ক্ৰমে “অভি মুঝ মেই কহি”, “কল হো না হো”, “দীৱানা তেৰা”, “মে অগৰ কহু”, “সুৰজ হুৱা মদ্ধম” আৰু “সন্দেছে আতে হে” আদি গীত পৰিৱেশন কৰে। প্ৰতিটো গীতৰ সুৰে সুৰে আনন্দসন্মোহিত দৰ্শকে গীত গাই আৰু হাতচাপৰি বজাই গৰ্জনমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। সুৰৰ ৰাগীত মতলীয়া দৰ্শকৰ বিশাল সমাৱেশটো মন খুলি নাচি উঠে আৰু দৰ্শকৰ সামূহিক কণ্ঠই মঞ্চখনৰ চৌপাশ গুঞ্জৰিত কৰি তোলে, যিয়ে সমগ্ৰ ষ্টেডিয়ামখনক নষ্টালজিয়া আৰু উদযাপনৰ এক কোৰাছলৈ ৰূপান্তৰিত কৰে। প্ৰতিটো গীতৰ লগে লগে চনু আৰু দৰ্শকৰ মাজৰ সংযোগ অধিক শক্তিশালী হৈ আহে, যিয়ে অনুষ্ঠানটোৰ বিশাল পৰিসৰস্বত্বেও এক অন্তৰংগময় মুহূৰ্তৰ সৃষ্টি কৰি তোলে।

চনু নিগমে কয়, “অসমে মোৰ অন্তৰত এক বিশেষ স্থান দখল কৰিছে। ইয়াৰ মানুহে সংগীত জানে আৰু বুজি পায়। অসমত অনুষ্ঠান পৰিৱেশন কৰাটো এটা বিশেষ অভিজ্ঞতা।” অসমবাসীৰ পৰা লাভ কৰা উষ্ম আদৰণি সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে তেওঁৰ ওপৰত বৰষা অপৰিসীম মৰমে ৰাজ্যখনৰ প্ৰতি ইতিমধ্যে থকা প্ৰবল সন্মান আৰু ভালপোৱাক আৰু অধিক গভীৰ কৰি তুলিছে। তেওঁ কয় যে তেওঁক শব্দৰ অতীত উষ্মতাৰে আদৰণি জনোৱা গুৱাহাটী চহৰখন তেওঁৰ হৃদয়ৰ সৈতে এতিয়া আৰু বেছি গভীৰভাৱে সংযোজিত হৈ পৰিছে।

কনচাৰ্টৰ সময়ত এক আৱেগিক মুহূৰ্তত অসমৰ সংগীতজগতৰ আত্মা জুবিন গাৰ্গক চনু নিগমে শ্ৰদ্ধাঞ্জলি জনায়। গীতৰ এই উমাল সন্ধিয়াটোত মায়াবিনীৰ হৃদয়স্পৰ্শী পৰিবেশনে দৰ্শকক আৱেগৰ বন্যাত উটুৱাই লৈ যায়, প্ৰিয় হাৰ্টথ্ৰবজনক সকলোৱে মৰমেৰে মনত পেলায়। তেওঁ কয়, এই শ্ৰদ্ধাঞ্জলি অকল মোৰ নহয়, ই সমগ্ৰ অসমৰ।” জুবিন গাৰ্গৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা উল্লেখ কৰি চনু নিগমে কয় যে জুবিন গাৰ্গৰ সৈতে ১৯৯৭ চনৰ পৰাই তেওঁৰ বন্ধুত্ব আছিল বহু মধুৰ স্মৃতিয়ে তেওঁক জুবিনৰ জৰিয়তে অসমৰ সৈতে সংযোগ কৰিছিল। অসমত জুবিনক প্ৰথম লগ পোৱাৰ পৰাই তেওঁ অগণন স্মৃতিৰ মেটমৰা ভঁৰালৰ গৌৰৱশালী গৰাকী হৈ পৰা বুলি উল্লেখ কৰি কয় যে হঠাৎ কি ঘটি গ’ল সেয়া বুজিবলৈ এতিয়াও তেওঁ সাহস গোটাব পৰা নাই। জুবিন গাৰ্গৰ ওপৰত অসমৰ ৰাইজে সদায় যি অপৰিসীম মৰম আৰু চেনেহৰ অঞ্জলি দি আহিছে, সেয়া তেওঁ স্বীকাৰ কৰে।

ফিভাৰ নেটৱৰ্কৰ ৰেডিঅ’ এণ্ড এণ্টাৰটেইনমেণ্টৰ চিইঅ’ ৰমেশ মেননে কয় যে, “চনু নিগমৰ প্ৰথম একক কনচাৰ্টৰ বাবে সমগ্ৰ গুৱাহাটী মহানগৰীখন একত্ৰিত হোৱা দেখিবলৈ পোৱাটো সঁচাকৈয়ে বিশেষ অনুভৱ আছিল। সংগীতৰ সৈতে অসমৰ এক অনন্য আৰু হৃদয়স্পৰ্শী সম্পৰ্ক আছে, জুবিন গাৰ্গ আৰু তেওঁৰ উত্তৰাধিকাৰক ৰাইজে কেনেদৰে সন্মান জনাই আহিছে তাৰ প্ৰতি লক্ষ্য কৰিলেই আমি ইয়াৰ স্পষ্ট উমান পাওঁ। চহৰখনে যিমানখিনি মৰম দিছে তাৰ বাবে আমি কৃতজ্ঞ, আৰু এই শক্তিশালী আৰম্ভণিয়ে অধিক নতুন কনচাৰ্ট আৰু আই পি নেতৃত্বাধীন অভিজ্ঞতাৰ এক ৰোমাঞ্চকৰ শৃংখলা নিৰ্ধাৰণৰ বাট সমগ্ৰ ভাৰততে মুকলি কৰিছে।” গুৱাহাটী কনচাৰ্টে এই সাংগীতিক ভ্ৰমণৰ বাকীছোৱা অংশৰ বাবে এক প্ৰেৰণাৰ ৰেঙণি বিচ্ছুৰিত কৰিছে, যি ইন্দোৰ, জয়পুৰ আৰু লক্ষ্ণৌলৈ সম্প্ৰসাৰিত হ’ব। ই দৰ্শকসকলক চনু নিগমৰ আটাইতকৈ প্ৰিয় গীতসমূহৰ সৈতে বিশেষভাৱে সজাই তোলা এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। আগন্তুক স্থানসমূহৰ টিকট ডিষ্ট্ৰিক্ট বাই জোমাটোত উপলব্ধ হৈ থাকিব।