পলাশবাৰী, সংবাদ ৩৬৫, ১৬ জুন : ব্যস্ততাৰ মাজত হয়টো কেতিয়াবা আমি অনাথ শিশুসকলোৰ কথা পাহৰি যাওঁ । এই অনাথ শিশুসকলৰ ওচৰ চাপিছে এতিয়া ভাৰতীয় জীবন বীমা নিগমে (LIC) । অনাথ শিশুসকলে আশ্ৰমৰ পৰা বিভিন্ন বিদ্যালয়লৈ অহা-যোৱা কৰোতে হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰ বিমান বন্দৰৰ নিচেই সমীপৰ অৱস্থিত এছ অ এছ শিশুগাঁৱত বাস কৰা শিশুসকলোকলোৰ বাবে ভাৰতীয় জীবন বীমা নিগমে আগবঢ়ালে স্কুলবাছ ।

সামাজিক দায়বদ্ধতা আঁচনিৰ (চি এছ আৰ) অংশ হিচাপে এছ অ এছ শিশুগাঁৱত শিক্ষার্থী সকলৰ সুবিধাৰ বাবে এখন স্কুল বাছ প্ৰদান কৰে ভাৰতীয় জীৱন বীমা নিগমে ।

এই উপলক্ষে শিশুগাঁৱৰ চৌহদত আয়োজিত অনুষ্ঠানত ভাৰতীয় জীবন বীমা নিগমৰ বিষয়া লগতে বৰঝাৰ বিমানবন্দৰৰ পৰিচালক সঞ্চালক উপস্থিত থাকি বাহনখন আশ্ৰমখনলৈ প্ৰদান কৰে ।