দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আৰক্ষীয়ে গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। বিগত তিনিদিন ধৰি দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই কেইবাজনো গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত শৰ্মাৰ নেতৃত্বত সোমবাৰে নিশা প্ৰায় ১২ বজাত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত কাটিৰআলগা তৃতীয় খণ্ড গাঁৱৰ ৰফিকৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে চোৰাং গৰু বেপাৰীজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে মঙলবাৰে চোৰাং গৰু বেপাৰীজনক ধুবুৰী আদালতত হাজিৰ কৰাৰ পিছত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে চোৰাং গৰু বেপাৰী ৰফিকক।

আনহাতে দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত হাজামেৰ চৰ গাঁৱৰ চোৰাং গৰু বেপাৰী চান মিয়াক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ধুবুৰী আদালতত হাজিৰ কৰাত চান মিয়াকো আদালতে জেললৈ প্ৰেৰণ কৰে। দুয়োজন চোৰাং গৰু বেপাৰী দীৰ্ঘদিন ধৰি বাংলাদেশলৈ গৰু সৰবৰাহৰ লগত জড়িত। আৰক্ষীয়ে পূৰ্বে গ্ৰেপ্তাৰ কৰা গৰু সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত দুয়োক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

ইফালে মঙলবাৰে পুৱতি নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে সুখচৰত অভিযান চলাই তিনিজন গৰু সৰবৰাহকাৰীক আটক কৰিছে। সৰবৰাহকাৰী তিনিজন আনোৱাৰ ইছলাম, আব্দুৰ ৰহিম আকন্দ আৰু মোছলেম বুলি জানিব পৰা গৈছে। ধৃত আব্দুৰ ৰহিম আকন্দ নামৰ লোকজন সুখচৰ থানাৰ গৰুৰ খোৱাৰৰ মালিক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৬ টা ম’হ চোৰাংভাৱে বিক্ৰী কৰাৰ অভিযোগত সৰবৰাহকাৰী তিনিজনক আৰক্ষীয়ে আটক কৰিছে। অধিক তথ্যৰ বাবে গৰু সৰবৰাহকাৰী তিনিজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত বর্তমানলৈকে সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত আছে আৰক্ষী। তিনিওজনৰ বিৰুদ্ধে সুখচৰ থানাত গোচৰ ৰুজু কৰা হৈছে বুলিও জানিব পৰা গৈছে।