নিউজ ডেস্ক, ৬ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লসেৱাৰ (Railway) সুৰক্ষিত, সময়ানুৱৰ্ত্তিতাৰ সৈতে সুগম পৰিচালন নিশ্চিত কৰাৰ দিশত লোকো পাইলটসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি অবিৰতভাৱে কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে। ৰে’ল পৰিবহন ব্যৱস্থাৰ এক মেৰুদণ্ডস্বৰূপ এই লোকো পাইলটসকলে এক অতি প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজত ৰে’ল পৰিচালন কৰে যাৰ বাবে সৰ্ব্বোচ্চ সতৰ্কতা, শাৰিৰীক সক্ষমতা আৰু মানসিক কুশলতাৰ অতি প্ৰয়োজন হয়। ৰে’লৱে সুৰক্ষা আৰু পৰিচালনৰ দিশত তেওঁলোকৰ অৱদানক স্বীকৃতি প্ৰদান কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ ৰাণিং ষ্টাফ, বিশেষকৈ লোকো পাইলটসকলৰ পৰিচালন তৎপৰতা বৃদ্ধি আৰু কৰ্ম পৰিৱেশ অধিক শক্তিশালীকৰণৰ দিশত এক বিশেষ কেন্দ্ৰীভূত ব্যৱস্থাৱলী গ্ৰহণ কৰিছে।
ৰে’ল চালকসকলৰ সা-সুবিধাসমূহ আধুনিকীকৰণ কৰা আৰু তেওঁলোকৰ বিশ্ৰাম ও সুস্থতাৰ বাবে এক অধিক অনুকূল পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যেৰে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলা ৰে’লৱে ষ্টেচনত এক অত্যাধুনিক ৰাণিং কক্ষৰ উদ্বোধন কৰিছে। ৰে’লৱে বোৰ্ডৰ নীতি নিৰ্দেশনাৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখি এই সা-সুবিধাসমূহৰ ভিতৰত ২৪ টা আৱাসিক কক্ষ (৪৮ খন বিছনা)ৰ সৈতে আৰু ১০ টা কমিউনিটি কক্ষ যেনে যোগ আৰু ধ্যান হল, জিমনাছিয়াম, পাকঘৰ আৰু আহাৰ গ্ৰহণৰ ক্ষেত্ৰ অন্তৰ্ভুক্ত আছে। উল্লেখনীয়ভাৱে, ই হৈছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ভিতৰতে প্ৰথমটো ৰাণিং কক্ষ যি উন্নততৰ প্ৰৱেশযোগ্যতাৰ বাবে লিফ্টৰ সুবিধাৰ সৈতে সু-সজ্জিত কৰা হৈছে। সমগ্ৰ ৩৪ টা কক্ষই বাতানুকলিত কৰা হৈছে যাৰ ভিতৰত অতিৰিক্ত সা-সুবিধাসমূহ যেনে ২৪ ঘন্টাই অহৰ্নিশে পানীৰ যোগান, চিচিটিভি নিৰীক্ষণ, সু-সঙ্গত আলোকসজ্জা, জৰুৰীকালীন প্ৰস্থান আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা ইয়াত অন্তৰ্ভূক্ত আছে।
উল্লেখযোগ্য যে আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ নিউ কোচবিহাৰস্থিত ৰাণিং কক্ষসমূহেও আইএছঅ’ ৯০০১-২০১৫ প্ৰমাণীকৰণ লাভ কৰিবলৈ সক্ষম হৈছে যাৰ দ্বাৰা ৰে’ল চালকসকলৰ বাবে এক স্বাস্থ্যসম্মত, সুৰক্ষিত আৰু বিশ্ৰামদায়ক পৰিৱেশ নিশ্চিত হৈছে। এই কৰ্মচাৰীসকলৰ কল্যাণৰ দিশত অধিক সহাৰি প্ৰদান কৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেই ব্যক্তিগত আৰু পেচাদাৰী মানসিক চাপ নিবাৰণৰ বাবে পৰিয়াল পৰামৰ্শৰ মত বিনিময় ছেচন প্ৰৱৰ্তন কৰিছে। এনেধৰণৰ এক ছেচন নিউ কোচবিহাৰত বিগত ২৮-০৬-২০২৫ তাৰিখে আয়োজিত হয় যাৰ দ্বাৰা ৰে’লৱে বিষয়াবৰ্গৰ সৈতে কৰ্মচাৰীৰ পৰিয়ালবৰ্গই মত বিনিময় কৰাৰ বাবে এখন মুকলি প্লেটফৰ্ম প্ৰদান কৰে যাৰ দ্বাৰা মনোবল সমৃদ্ধ কৰাৰ লগতে কৰ্তব্যৰত অৱস্থাত উন্নত মনোযোগ আৰু কৰ্মদক্ষতাৰ দিশত অৰিহণা যোগাইছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই আধুনিক যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ সৈতে ইয়াৰ ৰে’লচালকসকলক সহাৰি প্ৰদান শক্তিশালী কৰাৰ দিশত কেইবাটাও দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিছে। অডিঅ’-ভিজুৱেল পথ শিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, যাৰ দ্বাৰা লোকো পাইলটসকলক একত্ৰিত ডিজিটেল মডিউলসমূহৰ জৰিয়তে গুৰুত্বপূর্ণ ৰে’লপথ বৈশিষ্ট্যসমূহৰ সৈতে তেওঁলোকক অৱগত কৰাৰ বাবে সক্ষম কৰি তোলা হৈছে। দীর্ঘকালীন ৰে’লযাত্ৰাৰ সময়ছোৱাত আৰাম প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে ৰে’ল ইঞ্জিনসমূহত কেৱল লোকো পাইলটসকলৰ ব্যৱহাৰৰ বাবে পানীবিহীন প্ৰস্ৰাৱগাৰ উপলব্ধ কৰা হৈছে। ডিজিটেল শিক্ষণৰ পৰিপ্ৰেক্ষিতত, কাৰিকৰী জ্ঞান, চাৰ্কুলাৰ আৰু যাত্ৰাপথত পৰিচালন নিৰ্দেশাৱলী এক অতি সহজ সুবিধাৰ সৈতে ‘জ্ঞানবাপী’ ম’বাইল এপ্লিকেশ্বনৰ সুবিধা লোকো পাইলটসকলক উপলব্ধ কৰা হৈছে। ইয়াৰোপৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’ল পৰিচালনৰ সময়ছোৱাত লোকো পাইলটসকলৰ সতৰ্কতা আৰু উপস্থিতি নিশ্চিত কৰাৰ বাবে এক সক্ৰিয় ব্যৱস্থা ৰূপে কল ডিটেইল ৰেকৰ্ডৰ (সিডিআৰ) বিশ্লেষণ ৰূপায়ন কৰিছে, যাৰ দ্বাৰা ঘটনা পৰৱৰ্তী প্ৰমাণীকৰণত সহায়ক হোৱাৰ লগতে সুৰক্ষা বৃদ্ধি কৰি ৰে’ল চালকসকলৰ গতিবিধি আৰু যোগাযোগৰ সঠিক নিৰীক্ষণ নিশ্চিত কৰে; লগতে দায়িত্ববোধ আৰু পৰিচালন পৰ্যবেক্ষণক মজবুত কৰে।
এক গুৰুত্বপূৰ্ণ ডিজিটেল পদক্ষেপৰ দিশত ৫৯ টা ষ্টেচনত কণ্ট্ৰোল অফিচ এপ্লিকেশ্বন (চিওএ)ৰ সৈতে ডাটা লগাৰসমূহ সুসংহত কৰা হৈছে, যিয়ে ৰে’লৰ পৰিচালন আৰু ৰে’ল চালকসকলৰ কামকাজৰ উন্নত নিৰীক্ষণৰ বাবে প্ৰকৃত সময়ৰ তথ্যৰ উপলব্ধতাক সক্ষম কৰি তোলে। এই পদক্ষেপসমূহে এই ৰে’লৱেৰ আগশাৰীৰ পৰিচালন কৰ্মচাৰীসকলৰ বাবে সুৰক্ষা, কামকাজৰ পৰিৱেশ আৰু অবিৰত শিক্ষণক উন্নত কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। এই অবিৰত প্রয়াসসমূহৰ জৰিয়তে, উত্তৰ পূব সীমান্ত ৰে’লৱে ইয়াৰ লোকো পাইলটসকলৰ বাবে এক পেচাদাৰী, সুৰক্ষিত আৰু সঁহাৰিমূলক পৰিবেশ সৃষ্টি কৰাৰ দিশত ইয়াৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দোঁহাৰিছে। প্ৰযুক্তিগত উন্নয়নসমূহৰ সৈতে মানৱিক কৰ্মস্থানৰ সংস্কৃতিৰ মিশ্ৰিতকৰণেৰে উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’ল পৰিচালনত এক উচ্চতম মানদণ্ড বজায় ৰখাৰ লগতে প্ৰত্যেকদিনে যিসকলে এই পদ্ধতি আগুৱাই লৈ গৈছে তেখেতসকলৰ কল্যাণক সদায় অগ্ৰাধিকাৰ দি আহিছে।