নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ, ২০২৫ : অনাগত উৎসৱৰ বতৰত ৰে’লযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) অধীনত অতিৰিক্ত ৭ যোৰ উৎসৱ বিশেষ ৰে’ল নিৰ্ধাৰিত কেইটামান গন্তব্যস্থানলৈ চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লসমূহৰ ভিতৰত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৩ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৮০৪৭/০৮০৪৮ (শালিমাৰ-ৰঙাপাৰা নৰ্থ-শালিমাৰ) চলাচল কৰিব। ২৬ ছেপ্টেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ তাৰিখলৈকে উভয় দিশত ১০ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৩০০৫/০৩০০৬ (হাওড়া-লামডিং-হাওড়া) চলাচল কৰিব। ২৮ ছেপ্টেম্বৰৰ পৰা ৩ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৬ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৪২/০৫৭৪১ (নিউ জলপাইগুড়ী-গোমতী নগৰ-নিউ জলপাইগুড়ী) চলাচল কৰিব।
২৮ ছেপ্টেম্বৰৰ পৰা ২৪ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ১০ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৩১২৯/০৩১৩০ (কলকাতা-নিউ জলপাইগুড়ী-কলকাতা) চলাচল কৰিব। ২৮ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৭ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৩৮/০৫৭৩৭ (নিউ জলপাইগুড়ী-নৰকটিয়াগঞ্জ-নিউ জলপাইগুড়ী) চলাচল কৰিব। ২০ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৮ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৪০/০৫৭৩৯ (নিউ জলপাইগুড়ী-পাটনা জং.-নিউ জলপাইগুড়ী) চলাচল কৰিব। ২ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৭ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৩৪/০৫৭৩৩ (কিষাণগঞ্জ-অমৃতসৰ-কিষাণগঞ্জ) চলাচল কৰিব। সেই অনুসাৰে, ৰে’ল নং ০৮০৪৭ (শালিমাৰ-ৰঙাপাৰা নৰ্থ) বিশেষ ৰে’ল প্ৰতি শুকুৰবাৰে শালিমাৰৰ পৰা ১৭:৪৫ বজাত প্ৰস্থান কৰি শনিবাৰে ১৩:৪০ বজাত ৰঙাপাৰা নৰ্থত গৈ উপস্থিত হ’ব।
উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৮০৪৮ (ৰঙাপাৰা নৰ্থ-শালিমাৰ) বিশেষ ৰে’ল প্ৰতি শনিবাৰে ৰঙাপাৰা নৰ্থৰ পৰা ১৬:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ১২:৩০ বজাত শালিমাৰত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৩০০৫ (হাওড়া-লামডিং) বিশেষ ৰে’ল প্ৰতি শুকুৰবাৰে হাওড়াৰ পৰা ০৭:১৫ বজাত প্ৰস্থান কৰি শনিবাৰে ০৮:০০ বজাত লামডিঙত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৩০০৬ (লামডিং-হাওড়া) বিশেষ ৰে’ল প্ৰতি শনিবাৰে লামডিঙৰ পৰা ১১:০০ বজাত প্ৰস্থান কৰি দেওবাৰে ১২:৩০ বজাত হাওড়াত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৫৭৪২ (নিউ জলপাইগুড়ী-গোমতী নগৰ) বিশেষ ৰে’ল প্ৰতি দেওবাৰে নিউ জলপাইগুড়ীৰ পৰা ০৭:০০ বজাত প্ৰস্থান কৰি সোমবাৰে ০৭:১৫ বজাত গোমতী নগৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৪১ (গোমতী নগৰ-নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি সোমবাৰে গোমতী নগৰৰ পৰা ০৯:৪০ বজাত প্ৰস্থান কৰি মঙলবাৰে ০৯:২৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৩১২৯ (কলকাতা-নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি দেওবাৰে কলকাতাৰ পৰা ২৩:৪০ বজাত প্ৰস্থান কৰি সোমবাৰে ১০:৪৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৩১৩০ (নিউ জলপাইগুড়ী-কলকাতা) বিশেষ ৰে’ল প্ৰতি সোমবাৰে নিউ জলপাইগুড়ীৰ পৰা ১২:৪৫ বজাত প্ৰস্থান কৰি মঙলবাৰে ০০:৪০ বজাত কলকাতাত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৫৭৩৮ (নিউ জলপাইগুড়ী-নৰকটিয়াগঞ্জ) বিশেষ ৰে’ল প্ৰতি দেওবাৰে নিউ জলপাইগুড়ীৰ পৰা ১৪:০৫ বজাত প্ৰস্থান কৰি সোমবাৰে ০৫:০০ বজাত নৰকটিয়াগঞ্জত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৭ (নৰকটিয়াগঞ্জ-নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি সোমবাৰে নৰকটিয়াগঞ্জৰ পৰা ০৭:০০ বজাত প্ৰস্থান কৰি একে দিনাই ২১:৩০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৫৭৪০ (নিউ জলপাইগুড়ী-পাটনা জং.) বিশেষ ৰে’ল প্ৰতি শনিবাৰে নিউ জলপাইগুড়ীৰ পৰা ০৫:০০ বজাত প্ৰস্থান কৰি একে দিনাই ১৭:৪০ বজাত পাটনা জংচনত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৯ (পাটনা জং.- নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি শনিবাৰে পাটনা জংচনৰ পৰা ১৯:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ০৯:৩০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০৫৭৩৪ (কিষাণগঞ্জ-অমৃতসৰ) বিশেষ ৰে’ল প্ৰতি বৃহস্পতিবাৰে কিষাণগঞ্জৰ পৰা ০৯:১০ বজাত প্ৰস্থান কৰি শনিবাৰে ০০:১০ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৩ (অমৃতসৰ-কিষাণগঞ্জ) বিশেষ ৰে’ল প্ৰতি শনিবাৰে অমৃতসৰৰ পৰা ০৪:২৫ বজাত প্ৰস্থান কৰি দেওবাৰে ১৭:৩০ বজাত কিষাণগঞ্জত গৈ উপস্থিত হ’ব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচিৰ ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বিভিন্ন বাতৰি কাককত জাননী প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিশদ তথ্য অৱলোকন কৰাৰ বাবে ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।