নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই উৎসৱৰ সময়ছোৱাত লগতে শীতৰ বতৰত যাত্ৰীৰ সুবিধাৰ অৰ্থে ১৯ ছেপ্টেম্বৰৰ পৰা দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (Himalayan Railway) অধীনত চাৰিযোৰ বিশেষ ষ্টীম লগতে ডিজেল জয়ৰাইড আৰু চাৰিখন বিশেষ ডিজেল জয়ৰাইড ৰে’ল সেৱা পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, ইউনেস্কোৰ এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ, দাৰ্জিলিং হিমালয়ান ৰে’লৱেত এই শীৰ্ষ ঋতুত হাজাৰ হাজাৰ স্থানীয় আৰু বিদেশী পৰ্যটকৰ সমাগম দেখা যায়। এই বিশেষ সেৱাসমূহৰ পৰিচালনে পাহাৰৰ সৌন্দৰ্য উপভোগ কৰাৰ অভিজ্ঞতাক অধিক সমৃদ্ধ কৰি তুলিব।

সেই অনুসাৰে ৰে’ল নং ০২৫৪২ (দাৰ্জিলিং-কাৰ্শিয়াং) উৎসৱ বিশেষ ষ্টীম ৰাইড প্ৰতি শনিবাৰে ২০ ছেপ্টেম্বৰৰ পৰা ১ নৱেম্বৰ, ২০২৫ লৈ চলাচল কৰিব। এই ৰে’লখন দাৰ্জিলিংৰ পৰা ০৯:১০ বজাত প্ৰস্থান কৰি ১৩:২০ বজাত কাৰ্শিয়াঙত গৈ উপস্থিত হ’ব। ৰে’ল নং ০২৫৪৩ (কাৰ্শিয়াং-দাৰ্জিলিং) উৎসৱ বিশেষ ষ্টীম ৰাইড প্ৰতি দেওবাৰে ২১ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰ, ২০২৫ তাৰিখলৈ চলাচল কৰিব। এই ৰে’লখন কাৰ্শিয়াঙৰ পৰা ১২.০০ বজাত প্ৰস্থান কৰি ১৭.০২ বজাত দাৰ্জিলিঙত গৈ উপস্থিত হ’ব। ৰে’ল নং ০২৫৪৪/০২৫৪৫ (কাৰ্শিয়াং-মহানদী-কাৰ্শিয়াং) ছানছেট বিশেষ ষ্টীম ৰাইড প্ৰতি শনিবাৰে ২০ ছেপ্টেম্বৰৰ পৰা ১ নৱেম্বৰ, ২০২৫ তাৰিখলৈ চলাচল কৰিব।

ৰে’ল নং ০২৫৪৪ কাৰ্শিয়াং পৰা ১৫:৩০ বজাত প্ৰস্থান কৰি ১৬:৩০ বজাত মহানদীত গৈ উপস্থিত হ’ব আৰু ৰে’ল নং ০২৫৪৫ মহানদীৰ পৰা ১৬:৫০ বজাত প্ৰস্থান কৰি ১৭:৩০ বজাত কাৰ্শিয়াঙত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০২৫৫২/০২৫৫১ (কাৰ্শিয়াং-মহানদী-কাৰ্শিয়াং) ছানৰাইজ বিশেষ ষ্টীম ৰাইড প্ৰতি দেওবাৰে ২১ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰ, ২০২৫ তাৰিখলৈ চলাচল কৰিব। ৰে’ল নং ০২৫৫২ কাৰ্শিয়াঙৰ পৰা ০৭:১৫ বজাত প্ৰস্থান কৰি ০৮:১৫ বজাত মহানদীত গৈ উপস্থিত হ’ব আৰু ৰে’ল নং ০২৫৫১ মহানদীৰ পৰা ০৮:৪০ বজাত প্ৰস্থান কৰি ০৯:৩০ বজাত কাৰ্শিয়াঙত গৈ উপস্থিত হ’ব। ৰে’ল নং ০২৫৫৩/০২৫৫৪ (শিলিগুড়ী জংচন-ৰংটং-শিলিগুড়ী জংচন) টী, টিম্বাৰ বিশেষ ডিজেল ৰাইড প্ৰতি শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে ১৯ ছেপ্টেম্বৰৰ পৰা ০২ নৱেম্বৰ, ২০২৫ তাৰিখলৈ চলাচল কৰিব।

ৰে’ল নং ০২৫৫৩ শিলিগুড়ী জংচনৰ পৰা ১২:০০ বজাত প্ৰস্থান কৰি ১৩:১৫ বজাত ৰংটংঙত গৈ উপস্থিত হ’ব আৰু ৰে’ল নং ০২৫৫৪ ৰংটংৰ পৰা ১৬:১৫ বজাত প্ৰস্থান কৰি ১৭:৩০ বজাত শিলিগুড়ী জংচনত গৈ উপস্থিত হ’ব।
চাৰিখন বিশেষ ডিজেল জয়ৰাইড ২০ ছেপ্টেম্বৰৰ পৰা ৫ জানুৱাৰী, ২০২৬ লৈ দৈনিকভাৱে চলিব। এই বিশেষ ৰে’লসমূহ দাৰ্জিলিং আৰু ঘুম ষ্টেচনৰ মাজত চলাচল কৰিব। এই ৰে’লসমূহত ৩ টা প্ৰথম শ্ৰেণীৰ ডবা থাকিব। ৰে’ল নং ৫২৫৯২ (দাৰ্জিলিং-ঘুম-দাৰ্জিলিং) মৰ্ণিং ডিজেল জয়ৰাইড সেৱা ২০ ছেপ্টেম্বৰৰ পৰা অব্যাহত থাকিব। এই ৰে’লখনে দাৰ্জিলিংৰ পৰা ০৭:১৫ বজাত প্ৰস্থান কৰি ০৮:০০ বজাত ঘুমত গৈ উপস্থিত হ’ব আৰু ঘুমৰ পৰা ০৮:২০ বজাত প্ৰস্থান কৰি ০৮:৫০ বজাত দাৰ্জিলিঙত গৈ উপস্থিত হ’ব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।