নিউজ ডেস্ক, ১০ এপ্ৰিল, ২০২৬ : যাত্ৰীসকলৰ সুবিধাৰ্থে আৰু এক নিৰৱচ্ছিন্ন ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) বৰ্তমানৰ ৰে’ল ভ্ৰমণৰ সময়ছোৱাত যাত্ৰীৰ অতিৰিক্ত ভিৰ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে নতুনকৈ অতিৰিক্ত বিশেষ ৰে’লৰ চলাচল আৰু গুৰুত্বপূৰ্ণ ৰে’লপথসমূহৰ কিছুমান সেৱা সম্প্ৰসাৰিত কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে, যাত্ৰীসকলৰ সুবিধাৰ্থে ৰে’ল নং. ০৫৭৫৪/০৫৭৫৩ (নিউ জলপাইগুড়ী-মালদা টাউন-নিউ জলপাইগুড়ী) বিশেষ ৰে’লৰ পৰিচালন কৰা হৈছে। 

ৰে’ল নং. ০৫৭৫৪ (নিউ জলপাইগুড়ী-মালদা টাউন) আৰু ৰে’ল নম্বৰ ০৫৭৫৩ (মালদা টাউন-নিউ জলপাইগুড়ী) চলিত বৰ্ষৰ ১০ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, দেওবাৰ আৰু সোমবাৰে উভয় দিশত ১৫ টা ট্ৰিপৰ বাবে চলিব। এই ৰে’লখন আলুৱাবাৰী ৰোড, কিষাণগঞ্জ, ডালখোলা, বাৰসোই, কুমেদপুৰ, হৰিশ্চন্দ্ৰপুৰ, সামছি, একলাখী আৰু অল্ড মালদা আদি ষ্টেচনত চলাচল কৰিব। ২২ টা ডবাৰে সজ্জিত এই বিশেষ ৰে’লখনে যাত্ৰীসকলক অধিক আৰামদায়ক আৰু দক্ষ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব। সংযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ অৰ্থে বিশেষ ৰে’ল নং ০৪১২৭ (কানপুৰ চেন্ট্ৰেল-গুৱাহাটী) চলিত বৰ্ষৰ ৯ এপ্ৰিলৰ পৰা ১৪ মে’লৈকে প্ৰতি বৃহস্পতিবাৰে মুঠ ৬ ট্ৰিপৰ বাবে চলিব।

উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৪১২৮ (গুৱাহাটী-কানপুৰ চেন্ট্ৰেল) ১০ এপ্ৰিলৰ পৰা ১৫ মে’লৈকে প্ৰতি শুকুৰবাৰে মুঠ ৬ ট্ৰিপৰ বাবে চলিব। ৰে’লখন প্ৰয়াগৰাজ, বাৰাণসী, বাৰাউনী, কাটিহাৰ, নিউ জলপাইগুড়ী, নিউ আলিপুৰদুৱাৰ, নিউ বঙাইগাঁও, ৰঙিয়া আৰু কামাখ্যা আদি গুৰুত্বপূৰ্ণ ষ্টেচনত চলিব আৰু এই বিশেষ ৰেলখন ১৬ টা ডবাৰে চলিব। অতিৰিক্তভাৱে, বিশেষ ৰে’ল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ-নাহৰলগুণ) ১০ এপ্ৰিলৰ পৰা ২২ মে’ ২০২৬ লৈকে প্ৰতি শুকুৰবাৰে ছেকেন্দ্ৰাবাদৰ পৰা সাপ্তাহিকভাৱে চলিব। উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৭০৪৭ (নাহৰলগুণ-ছেকেন্দ্ৰাবাদ) ১৩ এপ্ৰিলৰ পৰা ২৫ মে’ ২০২৬ লৈকে প্ৰতি সোমবাৰে নাহৰলগুণৰ পৰা সাপ্তাহিকভাৱে চলিব। এই ৰে’লখনৰ সেৱাসমূহে প্ৰত্যেকটো দিশত ৭ ট্ৰিপ সম্পন্ন কৰি ২২ টা ডবাৰে চলিব। ইয়াৰ উপৰিও, উত্তৰ পূৱ সীমান্ত ৰে’লৱেই সমগ্ৰ অঞ্চলটোত যাত্ৰীৰ চলাচল অধিক সুগম বিশেষ ৰে’ল সেৱা আৰম্ভ কৰিছে।

ৰে’ল নং. ০৫৬৯৮/০৫৬৯৭ (গুৱাহাটী-জলপাইগুড়ী ৰোড-গুৱাহাটী) দ্বি-সাপ্তাহিক বিশেষ ৰে’লখন উভয় দিশত সাতটা ট্ৰিপৰ বাবে চলাচল কৰিব। ৰে’ল নং. ০৫৬৯৮ (গুৱাহাটী-জলপাইগুড়ী ৰোড) চলিত বৰ্ষৰ ৯ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে প্ৰতি  বৃহস্পতিবাৰ আৰু দেওবাৰে চলিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং. ০৫৬৯৭ (জলপাইগুড়ী ৰোড-গুৱাহাটী) চলিত বৰ্ষৰ ১০ এপ্ৰিলৰ পৰা ১ মে’লৈকে প্ৰতি শুকুৰবাৰ আৰু সোমবাৰে চলিব। আন এক বিশেষ ৰে’লসেৱা হিচাপে, ৰে’ল নং. ০৫৭৫৬-০৫৭৫৫ (নিউ জলপাইগুড়ী-বালুৰঘাট-নিউ জলপাইগুড়ী) সাপ্তাহিক ৰে’লখন উভয় দিশত তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব। ৰে’ল নং. ০৫৭৫৬ (নিউ জলপাইগুড়ী-বালুৰঘাট) প্ৰতি শনিবাৰে অৰ্থাৎ চলিত বৰ্ষৰ ১১, ১৮ আৰু ২৫ এপ্ৰিলত চলিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং. ০৫৭৫৫ (বালুৰঘাট-নিউ জলপাইগুড়ী) প্ৰতি দেওবাৰে চলিত বৰ্ষৰ ১২, ১৯ আৰু ২৬ এপ্ৰিলত চলিব। এই ৰে’লখন  ২২ টা ডবাৰে চলিব আৰু যাত্ৰীসকলৰ বাবে অধিক আৰাম আৰু সুৰক্ষা প্ৰদান কৰিব।

ইয়াৰ লগতে যাত্ৰী সেৱা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ৰে’ল নং. ০৪৬৫৪/০৪৬৫৩ (অমৃতসৰ-নিউ জলপাইগুড়ী-অমৃতসৰ) ৰে’লসেৱাৰ সময়সীমা সম্প্ৰসাৰিত কৰা হৈছে। ৰে’ল নং. ০৪৬৫৪ (অমৃতসৰ-নিউ জলপাইগুড়ী) চলিত বৰ্ষৰ ৮ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ অতিৰিক্ত ৪ ট্ৰিপেৰে চলাচল কৰি আছে। একেদৰে, ৰে’ল নং. ০৪৬৫৩ (নিউ জলপাইগুড়ী-অমৃতসৰ) চলিত বৰ্ষৰ ১০ এপ্ৰিলৰ পৰা ১ মে’লৈকে অতিৰিক্ত ৪ ট্ৰিপেৰে চলিব। এই ৰে’লসমূহ বিদ্যমান সেৱা, সময়সূচী, গঠন, ষ্টপেজৰ সৈতে চলিব। এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচী বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।