দৰং, সংবাদ ৩৬৫, ১৭ জুন : দৰঙৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত আৰিমাৰী গাওঁত অৱস্থিত এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান। সম্পূৰ্ণ বিনামূলীয়াভাৱে পাঠদান দিয়াৰ উপৰিও থকা খোৱাৰ ব্যৱস্থাও কৰা হয় সম্পূৰ্ণ বিনামূলীয়াভাৱে ।

দৰং জিলাৰ ৪নং আৰিমাৰী গাওঁত ১১ বছৰ আগতে স্থাপিত হৈছিল মনছুৰীয়া হাফিজীয়া ও খাৰিজীয়া নামৰ শিক্ষানুষ্ঠানখন । জানিব পৰা মতে ১২০ জন ছাত্রৰ বিপৰীতে ৮ জন শিক্ষকে পাঠদান দিয়া শিক্ষানুষ্ঠানখনত ধৰ্মীয় শিক্ষাৰ লগতে অসমীয়া মাধ্যমৰ শিক্ষা প্ৰদান কৰা হয় ।

সমাজসেৱক জয়নাল আব্দিন,ওজাগাও গাওঁ পঞ্চায়তৰ সভাপতি জিয়াৰুল হকৰ লগতে অৰ্ধ শতাধিক ৰাইজৰ উপস্থিতিত মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি আজগৰ আলীৰ সঞ্চালনাত আয়োজিত সভাত আনুষ্ঠানিক মুকলি কৰা হয় হোষ্টেলৰ । পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ছাহাজল হকে জানিবলৈ দিয়া মতে ছাত্র সকলৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি আগন্তুক বৰ্ষৰ পৰা কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰা হব ধৰ্মীয় শিক্ষানুষ্ঠানখনত ।