নিউজ ডেস্ক, ৮ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেত (NF Railway) আগন্তুক গ্ৰীষ্মৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰু চাৰিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰে’লসমূহ ৮ এপ্ৰিলৰ পৰা ৩ মেলৈ এছএমভিটি বেঙ্গালুৰু-নাৰেংগী ষ্টেচনৰ মাজত, ১২ এপ্ৰিলৰ পৰা ৩০ জুনলৈ ডিব্ৰুগড়-কলকাতা ষ্টেচনৰ মাজত, ৯ এপ্ৰিলৰ পৰা ৩ মেলৈ এছএছএছ হুব্বালি-কাটিহাৰ ষ্টেচনৰ মাজত আৰু ১০ এপ্ৰিলৰ পৰা ২৭ জুন, ২০২৫ লৈ শিলচৰ-কলকাতা ষ্টেচনৰ মাজত চলাচল কৰিব। 

বিশেষ ৰে’ল নং ০৬৫৫৯ (এছএমভিটি বেংগালুৰু-নাৰেংগী) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ৮ এপ্ৰিল, মঙলবাৰে ২৩:৪০ বজাত এছএমভিটি বেঙ্গালুৰুৰ পৰা প্ৰস্থান কৰি শুকুৰবাৰে ৫:০০ বজাত নাৰেংগীত গৈ উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ০৬৫৬০ (নাৰেংগী-এছএমভিটি বেংগালুৰু) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ১২ এপ্ৰিল,শনিবাৰ ০৫:৩০ বজাত নাৰেংগীৰ পৰা যাত্ৰা কৰি সোমবাৰে ০৯:৪৫ বজাত এছএমভিটি বেংগালুৰুত গৈ উপস্থিত হ’ব। দুয়োখন ৰে’ল ৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

বিশেষ ৰে’ল নং ০৫৯৩২ (ডিব্ৰুগড়-কলকাতা) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ১২ এপ্ৰিল, শনিবাৰে ১৭:২০ বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি সোমবাৰে ০০:৩০ বজাত কলকাতাত গৈ উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ০৫৯৩১ (কলকাতা-ডিব্ৰুগড়) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ১৪ এপ্ৰিল, সোমবাৰে ০২:৩০ বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি মঙলবাৰে ০৬:৩০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। উভয় ৰে’ল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

বিশেষ ৰে’ল নং ০৭৩২৫ (এছএছএছ হুব্বালি-কাটিহাৰ) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ৯ এপ্ৰিল, বুধবাৰে ১৫:১৫ বজাত হুব্বালিৰ পৰা প্ৰস্থান কৰি শুকুৰবাৰে ১৩:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ০৭৩২৬ (কাটিহাৰ-এছএছএছ হুব্বালি) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ১২ এপ্ৰিল, শনিবাৰে ১৪:৩০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি সোমবাৰে ১০:৫০ বজাত হুব্বালিত গৈ উপস্থিত হ’ব। উভয় ৰে’ল ৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

বিশেষ ৰে’ল নং ০৫৬৩৯ (শিলচৰ-কলকাতা) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ১০ এপ্ৰিল, বৃহস্পতিবাৰে ০৫:০০ বজাত শিলচৰৰ পৰা প্ৰস্থান কৰি শুকুৰবাৰে ১২:০৫ বজাত কলকাতাত গৈ উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ০৫৬৪০ (কলকাতা- শিলচৰ) গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ১১ এপ্ৰিল, শুকুৰবাৰে ১৩:১৫ বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি শনিবাৰে ২৩:৫০ বজাত শিলচৰত গৈ উপস্থিত হ’ব। দুয়োখন ৰে’ল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচী বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।