নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ, ২০২৫ : অনাগত উৎসৱৰ বতৰত ৰে’লযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) অধীনত (৩) তিনিযোৰ উৎসৱ বিশেষ ৰে’ল নিৰ্ধাৰিত গন্তব্যস্থানলৈ চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লসমূহৰ ভিতৰত ১২ ছেপ্টেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ১১ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৪১৯৫/০৪১৯৬ (আগ্ৰা কেণ্ট-যোগবানী-আগ্ৰা কেণ্ট) চলাচল কৰিব।

১৭ ছেপ্টেম্বৰৰ পৰা ৬ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৭ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৯৭৮/০৫৯৭৭ (ডিব্ৰুগড়-গোৰখপুৰ-ডিব্ৰুগড়) ৰে’লখন চলাচল কৰিব আৰু ১৭ ছেপ্টেম্বৰৰ পৰা ৭ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৭ টা ট্ৰিপৰ ৰে’ল নং ০৫৭৩৬/০৫৭৩৫ (কাটিহাৰ-অমৃতসৰ-কাটিহাৰ) ৰে’লখন চলাচল কৰিব। সেই অনুসাৰে, ৰে’ল নং ০৪১৯৫ (আগ্ৰা কেণ্ট-যোগবানী) বিশেষ ৰে’ল প্ৰতি শুকুৰবাৰে আগ্ৰা কেণ্টৰ পৰা ০৫:০০ বজাৰ পৰা (২৬-০৯-২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শনিবাৰে ১৮:৪৫ বজাত যোগবানীত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৪১৯৬ (যোগবানী-আগ্ৰা কেণ্ট) বিশেষ ৰে’লখন যোগবানীৰ পৰা প্ৰত্যেক শনিবাৰে ২১:০০ বজাত (২৭.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি সোমবাৰে ০৭:১০ বজাত আগ্ৰা কেণ্টত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৫৯৭৮ (ডিব্ৰুগড়-গোৰখপুৰ) বিশেষ ৰে’লখন ডিব্ৰুগড়ৰ পৰা প্ৰত্যেক বুধবাৰে ০৯:১০ বজাত (২৪.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৯:০০ বজাত গোৰখপুৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৯৭৭ (গোৰখপুৰ ₹-ডিব্ৰুগড়) বিশেষ ৰে’লখন গোৰখপুৰৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে ২১:৩০ বজাত (২৫.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শনিবাৰে ১০:৩০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। ৰে’ল নং ০৫৭৩৬ (কাটিহাৰ-অমৃতসৰ) বিশেষ ৰে’লখন কাটিহাৰৰ পৰা প্ৰত্যেক বুধবাৰে ২১:০০ বজাত (২৪.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শুকুৰবাৰে ০৯:৪৫ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৫ (অমৃতসৰ-কাটিহাৰ) বিশেষ ৰে’লখন অমৃতসৰৰ পৰা প্ৰতি শুকুৰবাৰে ১৩:২৫ বজাত (২৬.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শনিবাৰে ২৩:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচিৰ ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বিভিন্ন বাতৰি কাককত জাননী প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিশদ তথ্য অৱলোকন কৰাৰ বাবে ৰে’ল বিভাগৰ অনুৰোধ জনোৱা হৈছে।