গুৱাহাটী, ১৮ জানুৱাৰী, ২০২৬ : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্প’ৰ্টছৰ (IIS) সহযোগত গুৱাহাটীত সাতবিধ খেলৰ হাই-পাৰফৰ্মেন্স প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে৷ শনিবাৰে তিনিবিধ খেল ক্ৰমে দবা, টেবুল টেনিছ আৰু টেনিছৰ শিবিৰ মুকলি হোৱাৰ বিপৰীতে দেওবাৰৰ পৰা টাইকোৱান-ড’ৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷
ক্ৰীড়া বিভাগ আৰু আইআইএছে বিশ্বমানৰ প্ৰশিক্ষণ দিবলগা আন তিনিবিধ খেল হ’ল এথলেটিকছ, আৰ্চাৰী আৰু সাঁতোৰ৷ উল্লেখ্য যে এই শিবিৰত ভাৰতৰ অলিম্পিক কাৰ্যসূচীৰ পৰিকল্পনাৰে দীৰ্ঘম্যাদী প্ৰশিক্ষণ ব্যৱস্থাটোক গুৰুত্ব আৰোপ কৰি প্ৰদৰ্শনৰ ভিত্তিৰে অসমৰ নতুন প্ৰতিভা চিনাক্ত কৰাৰ লগতে ৰাজ্যৰ প্ৰশিক্ষকসকলোকো আধুনিক প্ৰশিক্ষণ ব্যৱস্থাৰে উৎকৰ্ষ সাধন কৰা হ’ব৷
খানাপাৰাৰ চিভিল ছাৰ্ভিছ অফিচাৰ্ছ প্ৰতিষ্ঠানত অনুষ্ঠিত দবাৰ শিবিৰত প্ৰশিক্ষক হিচাপে আছে বুলগেৰিয়াৰ ডিজান ব’জক’ভ আৰু ভাৰতৰ বিশাল ছাৰেণ৷ অহা ২৭ জানুৱাৰীলৈ চলিব লগা শিবিৰত ৰাজ্যৰ নিৰ্বাচিত মুঠ ৪৭ গৰাকী খেলুৱৈ-প্ৰশিক্ষককে অংশ লৈছে৷ ইফালে, দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হোৱা টেবুল টেনিছৰ শিবিৰত বিদেশৰ প্ৰশিক্ষকৰূপে অংশ লৈছে থাইলেণ্ডৰ ছেকপং য়’মজিণ্ডাই৷
ৰাজ্যৰ ৫২ গৰাকী ল’ৰা-ছোৱালীৰ লগতে ছয় প্ৰশিক্ষকে শিবিৰত অংশ লৈছে৷ দিছপুৰৰে ক্ৰীড়াবিভাগৰ টেনিছ ক’ৰ্টত অসমৰ ৩২ গৰাকী ল’ৰা-ছোৱালী আৰু ছয় প্ৰশিক্ষকে অংশ লোৱা শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত আছে ব্ৰাজিলৰ ভিনিছিয়াছ অ’নো৷ টেনিছ আৰু টেবুল টেনিছৰ শিবিৰ অহা ২৪ জানুৱাৰীলৈ চলিব৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জে হিলালিৰ উপস্থিতিত শিবিৰসমূহ উদ্বোধন কৰা হয়।
