ধূপধৰা, ১৭ জানুৱাৰী, ২০২৪ : ধূপধৰাত জিলাভিত্তিক শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ (Sri Sri Thakur Ankul Chandra) ১৩৬ তম্ জন্ম মহোৎসৱৰ বিশাল প্ৰস্তুতি। চলিত জানুৱাৰী মাহৰ ২১ তাৰিখ দেওবাৰে দিনব্যাপী বিভিন্ন মাঙ্গলিক অনুষ্ঠান সূচীৰে ধূপধৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গোৱালপাৰা-কামৰূপ সংলগ্ন মুকলি পথাৰত ৫ ম্ বাৰ্ষিক গোৱালপাৰা জিলা ভিত্তিক যুগপুৰুষোত্তম্ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৬ তম্ শুভ জন্ম মহোৎসৱৰ বিশাল প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷
অনুষ্ঠানটো সাফল্যমন্ডিত কৰিবলৈ ঋতুৰাজ কলিতাক সভাপতি, নিৰ্মলজ্যোতি শীলক উপ-সভাপতি, মইনাখ শীলক সম্পাদক, গীতুল দাস আৰু ধৰ্মৰাজ বিশ্বাসক সহকাৰী সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উৎসৱ উদযাপন সমিতি গঠন কৰা হৈছে৷ উক্ত দিনা ব্ৰক্ষ্মমূহুৰ্তত বেদ মাঙ্গলিকী, ৰাতিপুৱা ৪:০০ বজাত ঊষা কীৰ্তন, ৬:১৪ বজাত প্ৰাতঃকালীন বিনতি প্ৰাৰ্থনা, নামজপ আৰু শ্ৰী শ্ৰী ঠাকুৰৰ অমিয় ধৰ্মগ্ৰন্থাদি পাঠ, ৰাতিপুৱা ৮:০০ বজাত সংগীতাঞ্জলী, ৯:৩০ বজাত শুভাযাত্ৰাৰ পিছতে চিত্ৰাংকন প্ৰতিযোগীতা অনুষ্ঠিত হ’ব৷
ৰাতিপুৱা ১০:০০ বজাত শ্ৰী শ্ৰী ঠাকুৰ, শ্ৰী শ্ৰী বড়মা আৰু শ্ৰী শ্ৰী বড়দাৰ ভোগ নিবেদন কৰা হ’ব৷ ১০:৩০ বজাত ভজন-কীৰ্তন, ধৰ্মালোচনা আৰু বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিমুলক অনুষ্ঠানৰ পিছতেই দিনৰ ১১:০০ বজাত মাতৃসন্মিলন অনুষ্ঠিত হ’ব৷ দিনৰ ১২:০০ বজাত শ্ৰী শ্ৰী ঠাকুৰ ভান্ডাৰৰ প্ৰসাদ বিতৰণ কৰা হ’ব৷ সন্ধিয়া ৪:৫৬ বজাত সন্ধাকালীন বিনতি প্ৰাৰ্থনা, নামজপ আৰু শ্ৰী শ্ৰী ঠাকুৰৰ অমিয় ধৰ্মগ্ৰন্থাদি পাঠ হোৱাৰ পিছতে আলোকসজ্জা আৰু বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হ’ব৷
অনুষ্ঠানটোত সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে। উৎসৱ পৰিচালনা সমিতিৰ প্ৰচাৰ বিভাগৰ হৈ অজয় কুমাৰ শীলে এক প্ৰেছ বিবৃত্তি যোগে এই কথা জানিবলৈ দিয়ে৷