বঙাইগাঁও, ২৬ জানুৱাৰী, ২০২৫ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম অসমৰ মাতৃ জিলা বঙাইগাঁও (Bongaigaon) জিলা শাখাৰ ৪০ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনখন দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে জিলা নামঘৰ আৰু কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। শনিবাৰে ৰাতিপুৱা পাঁচ বজাত বঙাইগাঁও জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰাৰ পিছত কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য কুঞ্জ ৰায় বাপৰ পৰিচালনাত প্ৰাতঃ প্ৰসংগ আৰু চিত্তৰঞ্জন ৰায় বাপৰ পৰিচালনাত সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়।
একেদৰে জিলা সভানেত্ৰী কামিনি শইকীয়া আই আৰু জিলা সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত জিলা সেৱা বাহিনী আৰু জিলা শিশু আই মাতৃ কল্যান সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভা দুখন উদ্বোধন কৰে শিশু আৰু আই মাতৃ কল্যান সমিতিৰ কেন্দ্ৰীয় সদস্য কামিনি বৰ্মন আই আৰু জিলা সম্পাদক অজিত চৌধুৰী বাপে। কেন্দ্ৰীয় পৰ্যবেশিকা হিচাপে উপস্থিত থাকে ধুবুৰী জিলাৰ উৰ্মিলা ভকত আই, সন্মানীয় অতিথি হিচাপে প্ৰাক্তন মুখ্য অধিনায়ক তপন কুমাৰ ৰায় বাপ, স্বৰ্ণলতা বণিক্য আই আৰু অনিমা দাস আই আদিয়ে।
সন্ধিয়া কমলজিৎ দাস বাপৰ পৰিচালনাত নাম প্ৰসংগৰ পিছত নৱ নিৰ্বাচিত জিলা সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত সাধাৰণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। নৱ নিৰ্বাচিত শৰণ সদস্য ভৱেশ্বৰ ৰায় বাপে উদ্বোধন কৰা সভাই আগন্তুক দুটা বৰ্ষৰ বাবে নোমল শৰণীয়া বাপক সম্পাদক হিচাপে নিৰ্বাচন কৰি মুঠ ৩১ জনীয়া এক পৰিচালনা সমিতি গঠন কৰি দিয়ে।ইফালে আজি ৰাতিপুৱা কামিনি মোহন ৰায় বাপৰ পৰিচালনাত অনুষ্ঠিত হোৱা নাম প্ৰসংগৰ পিছত জিলা সভাপতি অনিল কুমাৰ ৰায় বাপে সংঘৰ ধৰ্মধবজা উত্তোলন কৰে। একেদৰে শৰণ সদস্য ফুলচৰণ পাঠক বাপে উদ্বোধন কৰা ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়।
দুপৰীয়া জিলা সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক মণিৰাম দাস বাপ, কেন্দ্ৰীয় পৰ্যবেক্ষক ঘনশ্যম দাস বাপ, বঙাইগাঁও সমষ্টিৰ বিধায়িকা দিপ্তীময় চৌধুৰী আই আদিয়ে সাৰুৱা ভাষণ দিয়ে। সভাখন উদ্বোধন কৰে থ্ৰীফট এণ্ড ক্ৰেডিট চচাইটি লিমিটেড ৰ বঙাইগাঁও শাখাৰ সভাপতি ডাঃ প্ৰতাপ মেধি বাপে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে জিলা সম্পাদক অজিত চৌধুৰী বাপে বুলি বাতৰিটোত প্ৰকাশ।