নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ আগষ্ট : সম্প্ৰতি শিক্ষিত নিবনুৱা সমস্যা এক ভয়াবহ সমস্যা হিচাপে পৰিগণিত হৈছে। দেশত প্ৰতিদিনে বৃদ্ধি পাইছে নিবনুৱাৰ সমস্যা । এই সময়তে নেডফি হাউচে নিবনুৱাসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।

উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোমী হিচাপে গঢ়ি তুলিবলৈ নেডফি হাউচত ‘নৰ্থ ইষ্ট ষ্টাৰ্ট আপ এণ্ড ক্ৰাফ্ট ফেয়াৰ’। মেলাখনত অংশগ্ৰহণ কৰা ৫৪ গৰাকী উদ্যোমী যুৱক-যুৱতীৰ ভিতৰত ২৭ গৰাকীয়ে ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিছে সফল উদ্যোমী হিচাপে।

উল্লেখযোগ্য যে এটা সাধাৰণ চাকৰি বিচাৰি হাহাকাৰ কৰা এই লাখ লাখ যুৱক-যুৱতীৰ পৰিবৰ্তে কিছুমান এনে যুৱক-যুৱতীও আছে যিসকলে উপযুক্ত সময়ত নিজৰ বুদ্ধি আৰু চেষ্টাৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সফল যুৱক-যুৱতী সকলক যাতে অন্য যুৱক-যুৱতী সকলে আদৰ্শ হিচাপে গ্ৰহণ কৰে ইয়াৰ বাবে নেডফি হাউচে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।

ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে সফল উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূৱৰ ২৭ গৰাকী উদ্যোমীৰ বিভিন্ন সামগ্ৰীৰ এক তিনিদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰিছে নেডফি হাউচে। এই সফল উদ্যোমী সকলৰ সমগী প্ৰত্যক্ষ কৰি যাতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য নিবনুৱা সকলো প্ৰভাৱিত হৈ নিজকে উদ্যোমী হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত হয় এই লক্ষ্য আগত ৰাখি এই বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মাজুলীৰ মুখা শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ চাহ, আচাৰ, বাঁহ-বেতৰ সামগ্ৰী লৈ এই প্ৰদৰ্শনীত অংশগ্ৰহন কৰিছে ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা ২৭ গৰাকী যুৱক-যুৱতী।