ৰঙিয়া, ২৭ অক্টোবৰঃ ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত শেহতীয়াকৈ সহস্ৰাধিক গ্রাহকে বিভিন্ন সময়ত বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হোৱা ঘটনাত গভীৰ উদ্দেগ প্রকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে। পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদৰ ৰহমানে এক প্ৰেছ বিবৃতিত কয় যে, ষ্টেট বেংক কৰ্তৃপক্ষই শেহতীয়াভাবে পুৰণি হালধীয়া ৰঙৰ এটিএম কার্ড বন্ধ কৰি নতুন কার্ড ইছু কৰিছে৷ বেংক কতৃপক্ষৰ এই সিদ্ধান্ত বিপৰীতে বৰ্তমান বেংকত পুৰণি এটিএম ল’বলৈ বেংক কর্মচাৰীৰ অভাৱ। এজন ব্যক্তিয়ে এটা কামৰ বাবে দহ দিন পৰ্যন্ত বেংকত তাঁত বাতি কৰিব লগা হৈছে। আনহাতে যিসকল লোকে ইতিমধ্যে এটিএম জমা দিছে তেওঁলোকৰ বেছি সংখ্যক লোকে এতিয়াও নতুন এটিএম পাবলৈ সক্ষম হােৱা নাই। পৰিষদে অভিযোগ কৰা মতে ষ্টেট বেংকৰ ৰঙিয়া শাখাত ১১জন জ্যেষ্ঠ বিষয়া থাকিব লাগে যদিও বৰ্তমান মাত্র ৫ জন বিষয়াহে কৰ্মৰত অৱস্থাত আছে। বেংকৰ মুখ্য প্রৱন্ধক বদলি হােৱাৰ বহুদিন হ’ল যদিও এতিয়ালৈ বেংকটােৰ উক্ত পদটাে খালী হৈ আছে। ৰঙিয়া মহকুমাটােক প্রতিনিধিত্ব কৰা অতি গুৰুত্বপূর্ণ বেংকটোত কর্মচাৰীৰ অভাৱত গ্রাহকৰ মাজত বেংকত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। বেংকৰ গ্ৰাহককে লোণ লোৱাৰ কামেই হওক বা অন্য কোনো কামৰ বাবেই হওক, মাহৰ পিছত মাহ বেংকলৈ আহিবলগীয়া হৈছে। বেংকটোত কম কর্মচাৰীয়ে প্রতিদিনে কেবা হাজাৰ গ্ৰাহকৰ কাম কৰিব লগা হোৱাত বেংকটোত সদায় কর্মচাৰী আৰু গ্ৰাহকৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে শীঘ্ৰে গ্ৰাহকৰ সকলো অসুবিধা দূৰ কৰি অনতি পলমে গ্রাহকবােৰক উপযুক্ত সুবিধা প্ৰদান কৰিবলৈ বেংক কৰ্তৃপক্ষক দাবী জনাইছে। অন্যথা অনাগত দিনত ৰাজ্যজুৰি তীব্ৰ গণতান্ত্রিক আন্দােলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।