গুৱাহাটী, ১০ মাৰ্চ, ২০২৫ : ৰে’ল আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি সোমান্নাই তেওঁৰ তিনিদিনীয়া অসম আৰু উত্তৰ-পূব (North East) ভ্ৰমণৰ অন্তিম দিনা গুৱাহাটী ৰে’ল ষ্টেচন পৰিদৰ্শন কৰে। ভ্ৰমণকালত তেওঁ ষ্টেচনত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে মুখ্য কাৰ্যালয় আৰু বিভাগৰ জ্যেষ্ঠ ৰে’ল বিষয়াসকল উপস্থিত আছিল।
অমৃত ভাৰত ষ্টেচন আঁচনিৰ (এবিএছএছ) অধীনত আনুমানিক ১৮১.০৯ কোটি টকা ব্যয় সাপেক্ষে আধুনিক সা-সুবিধাৰে গুৱাহাটী ৰে’ল ষ্টেচনটো পুনৰ্বিকশিত কৰা হৈ আছে। মন্ত্ৰীগৰাকীয়ে ষ্টেচনৰ আন্তঃগাঁথনিৰ এক বিস্তৃত পৰিদৰ্শন কৰিছিল। তেওঁ লগতে প্ৰতীক্ষা গৃহ, কিউআৰ কোড টিকেটিং কাউণ্টাৰ আৰু সুৰক্ষা ব্যৱস্থাকে ধৰি গুৰুত্বপূৰ্ণ সুবিধাসমূহৰ মূল্যাঙ্কন কৰে। তেওঁ এগজিকিউটিভ লাউঞ্জ পৰিদৰ্শন কৰে আৰু ষ্টেচনটো পৰিষ্কাৰ ৰখাৰ ক্ষেত্ৰত ৰে’ল বিষয়াসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে। তদুপৰি, মন্ত্ৰীগৰাকীয়ে ষ্টেচনৰ অধিক উন্নতিৰ ক্ষেত্ৰত ৰে’ল বিষয়াবৰ্গৰ সৈতে আলোচনা কৰে।
সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ উল্লেখ কৰে যে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অঞ্চলটোৰ ৰে’লৱেৰ বাবে ১০,৪৪০ কোটি টকাৰ অভিলেখ আৱণ্টন কৰা হৈছে। ২০১৪ চনলৈকে, অসমত কোনো ৰে’ল বৈদ্যুতিকৰণ হোৱা নাছিল, কিন্তু এতিয়া ২০২৫ চনৰ শেষৰ ফালে ১০০ শতাংশ ৰে’ল বৈদ্যুতিকৰণ সম্পূৰ্ণ হ’বলৈ গৈ আছে। তেওঁ লগতে ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ কথা উল্লেখ কৰি কয় যে ক্ষমতা আৰু দক্ষতা বৃদ্ধিৰ বাবে দ্ৰুত গতিত দ্বৈতকৰণৰ কাম কৰা হৈ আছে। ইয়াৰ উপৰিও, সংযোগ উন্নত কৰাৰ বাবে আৰু অঞ্চলটোৰ বৰ্ধিত পৰিবহনৰ চাহিদা পূৰণ কৰাৰ বাবে নতুন ৰে’ললাইন স্থাপন কৰা হৈ আছে।
মন্ত্ৰীগৰাকীয়ে যাত্ৰীৰ আৰাম আৰু পৰিচালন দক্ষতা বৃদ্ধিৰ বাবে ৰে’ল ষ্টেচনৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰে’লৰ আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ্বিকাশৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ ডিব্ৰুগড় ৰে’ল ষ্টেচন পৰিদৰ্শন কৰে। তেওঁ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা বগীবিল ৰে’ল-কাম-ৰোড সেঁতু পৰিদৰ্শন কৰে, যিখন সেঁতুৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সংযোগ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক উন্নয়নৰ বাবে বিশ্বমানৰ ৰে’ল সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।