সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰী:  পুলৱামৰ ভয়ংকৰ গুলিয়া-গুলি এতিয়াও অন্ত পৰা নাই ।বৰ্তমানেও অব্যাহত আছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ।

জম্মু-কাশ্মীৰৰ ছপ’ৰত প্ৰচণ্ড গুলিয়া গুলি নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত।

অঞ্চলতটোত বৰ্তমানেও ২-৩টা সন্ত্ৰাসবাদী আবদ্ধ হৈ থকাৰ সন্দেহ।

উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত ভাৰতীয় চি আৰ পি এফ জোৱানৰ কনভয়ৰ ওপৰত সংঘটিত ভয়াবহ আক্ৰমণ তথা ৪৪ জনকৈ জোৱানক হত্যা কৰাৰ পাছত চৰকাৰে বিভিন্ন কঠোৰ ব্যৱস্থা লোৱাৰ লগতে জম্মু-কাশ্মীৰৰ ছপ’ৰত বৰ্তমান বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।