গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুলাই : পদপথ তথা ৰাজপথত বিভিন্ন লোকে ব্যৱসায় কৰাৰ বাবে বহু সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে পথচাৰীসকল । যাৰ বাবে অবৈধ ভাৱে তথা প্ৰশাসনৰ অনুজ্ঞা পত্ৰ অবিহনে কোনো লোকে ব্যৱসায় কৰিলে কোনো স্থানৰ পৰা ব্যৱসায়ীসকলক আতৰাই দিয়াৰ বাবে আইনৰ সহায়েৰে প্ৰশাসনে ব্যৱস্থা ল’ব পাৰে।

একাংশ ব্যৱসায়ীৰ বাবে জীৱিকাৰ সম্বল নিজৰ ঘৰতে হোৱা কেইটামান থলুৱা বস্তু । যাৰ বিক্ৰীৰ বাবে আহে বহু দূৰৰ পৰা। কিন্তু এইসমূহ বস্তু বিক্ৰীৰ বাবে তেওঁলোকক এডোখৰ ঠাই লাগে ।কিন্তু স্থায়ীকৈ দোকান বঢ়াবৰ বাবে তেওঁলোকৰ ওচৰত নাই পৰ্যাপ্ত পৰিমাণৰ টকা যাৰ বাবে পদপথতেই তেওঁলোকে দোকান বঢ়ায় ।

উলুবাৰী চাৰিআলিৰ এনে কেইখনমান পদপথৰ অস্থায়ী দোকান য’ত গ্রাম্যাঞ্চলৰ বহু দূৰৈৰ পৰা আহি কেইজনমান ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায় চলায় । কিন্তু এনেদৰে দোকান বঢ়োৱাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ কর্মচাৰীয়ে তেওঁলোকৰ পৰা লয় দৈনিক ৩০ টকাকৈ । এই কথা জানিবলৈ দিছে পদপথৰ একাংশ ব্যৱসায়ীয়ে । তেওঁলোকে ৩০ টকাৰ সলনি ২০ টকা দিব খুজিলে পৌৰ নিগমৰ কৰ্মচাৰীয়ে তেওঁলোকৰ বয়-বস্তু দলিয়াই দিয়াৰ লগতে মাৰিবলৈও উদ্যত হয়। প্ৰতি দিনেই পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত আহে গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী আৰু এনেদৰেই দাবী-ধমকিৰে আনকি ছাৰ্টৰ কলাৰত হাত দিয়াৰ লগতে নিজেই পকেটত হাত ভৰাই প্ৰতিজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা পইচা লৈ যায় । আনহাতে, পইচা দিয়াৰ ৰচিদ খুজিলেও ওলোটাই ব্যৱসায়ীসকলকহে দাবী-ধমকি দিয়ে পৌৰ নিগমৰ কৰ্মচাৰীয়ে ।

ইফালে ব্যৱসায়ীসকলক তেওঁলোকৰ অবৈধ দোকান পদপথৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰত কেইজনমান গ্ৰাহকে কয় যে যদি আঁতৰাব খুজিছে তেনেহলে ভালকৈ স্থায়ীভাৱে বেলেগ ঠাইত সংস্থাপন কৰাওক । এনেদৰে তেওঁলোকৰ দোকান উচ্ছেদ কৰিলে তেওঁলোকে কি কৰি খাব । থলুৱা মানুহৰ সংস্থাপনৰ বাবে মাত মাতি থাকিলেই নহব তেওঁলোকক সংস্থাপন দিয়াওক। নহ’লে এনেদৰে হলে তেওঁলোকে চুৰি, ডকাইতি কৰিবলৈ বাধ্য হ’ব।

এইক্ষেত্ৰত ব্যৱসায়ীসকলেও কয় যে এনেদৰে উচ্ছেদ কৰিলে আমি চুৰি, ডকাইতি কৰাৰ বাহিৰে একো কৰিবলৈ বাকী নাথাকিব।