গুৱাহাটী, ১৮ জুন, ২০২৪ : মন্ত্ৰী অশোক সিংহলে (Ashok Singhal) মঙলবাৰে (১৮ জুন) গুৱাহাটীৰ বৰবাৰীস্থিত কৰ্মযোগী গৌৰীশংকৰ চক্ৰৱৰ্তী সভাগৃহত ৰাজ্যৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহৰ পৰা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা আয়োজিত এই অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানত এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰা বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিত ৯০ শতাংশৰো অধিক নম্বৰ লাভ কৰা শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ ২৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত অসম লোকসেৱা আয়োগত বিগত বৰ্ষৰ পৰীক্ষাত কৃতিত্ব প্ৰদৰ্শন কৰা নিকেতনৰ ৪৭ গৰাকী প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নিকেতনসমূহৰ অধ্যক্ষসকলকো সম্বৰ্ধনা জনোৱা হয়। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অশোক সিংহলে কয় যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ এই আধিক্যৰ দিনত বিগত ৪৫ টা বছৰে মাতৃভাষাৰ মাধ্যমত শিক্ষাদান কৰি শিশু শিক্ষা সমিতি, অসমৰ অধীনৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহে যি নিদৰ্শন দাঙি ধৰিছে, সেয়া সঁচাকৈয়ে অনন্য। সীমিত আন্তঃগাঁথনিৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধসম্পন্ন শিক্ষা প্ৰদানৰ লগতে চৰিত্ৰ নিৰ্মাণৰ দিশত এই নিকেতনসমূহে দাঙি ধৰা আদৰ্শৰ পৰা অন্যান্য শিক্ষানুষ্ঠানসমূহে প্ৰেৰণা লোৱা উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক অনুপ্ৰেৰণামূলক বক্তব্য দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে সঘনাই গ’লপোষ্ট সলনি কৰি নাথাকি জীৱনত এক সুনিৰ্দিষ্ট লক্ষ্য অনুসৰণ কৰি আগবাঢ়িলেহে সফলতা অৰ্জন সম্ভৱ। সততা, নিয়মানুৱৰ্তিতা, উৎৰ্সগীকৃত মনোভাৱ আৰু অধ্যৱসায়ক মূলধন কৰি “ৰাষ্ট্ৰই প্ৰথম” আদৰ্শৰে জীৱনৰ বাটত বাট বুলিবলৈ মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকললৈ আহ্বান জনায়।

মোবাইল ফোন, ইণ্টাৰনেটৰ দৰে প্ৰযুক্তিৰ উদ্ভাৱনে সম্প্ৰতি জ্ঞান অৰ্জনৰ এক বিশাল দিগন্ত মুকলি কৰি দিলে বুলি মন্তব্য কৰি এনে প্ৰযুক্তিক সঠিক দিশত ব্যৱহাৰ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। এই অনুষ্ঠানত শিশু শিক্ষা সমিতি অসমৰ সভাপতি ড° দিব্যজ্যোতি মহন্ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পূৰ্বোত্তৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সচিব ড° পৱন তিৱাৰী, যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁ‌ৱৰণী মেধা বঁ‌টাৰ দাতা ৰাজেশ মালপানীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।