নগাঁও, ৮ ফেব্ৰুৱাৰী, ২০২৪ : ইউটিউব’ৰ ভিডিঅ’ (YouTube Video) চাই সফলতা লাভ কৰিলে এজন কৃষকে। ইউটিউব’ৰ ভিডিঅ’ চাই প্ৰথমে এবিঘা মাটিত কৰিছিল বগৰী খেতি। এতিয়া চাৰি বিঘা মাটিত আৰম্ভ কৰিছে উন্নত মানৰ বগৰীৰ খেতি। ক’ভিডকালত মোবাইলত ইউটিউব’ৰ ভিডিঅ’ চাই শিকিছিল বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ বগৰী খেতিৰ পদ্ধতি।

ইচ্ছাশক্তি, একাগ্ৰহতা আৰু আত্মবিশ্বাস থাকিলে কৰিব নোৱাৰা কোনো কামেই নাই। কিবা এটা কৰিম বুলি আত্মবিশ্বাস লৈ ওলাই আহিলে সফলতা আহিবই। ইয়াকে পুনৰ প্ৰমাণ কৰিলে এজন কৃষকে। খেতি কৰি বাৰম্বাৰ বিফল হোৱাৰ পিছতো কৃষকজনে এৰি নিদিলে কৃষিকাৰ্য। বিভিন্ন প্ৰকাৰৰ খেতি কৰি বাৰম্বাৰ বিফল হোৱা কৃষকজন আজি নিজকে এজন সফল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

উন্নত মানৰ বগৰী খেতি কৰি আজি এখন সফল কৃষক হিচাপে নিজে প্ৰতিষ্ঠা কৰিছে নগাঁও জিলাৰ কচুৱাৰ নুৰুল ইছলাম নামৰ এজন কৃষকে। খেতি কৰি বাৰম্বাৰ বিফল হোৱা কচুৱাৰ নুৰুল ইছলাম বগৰী খেতি কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। নগাঁও জিলাৰ কচুৱাৰ আলিটাঙনী গাঁৱৰ নুৰুল ইছলাম নামৰ কৃষকজনে ইউটিউব’ত বগৰী খেতিৰ ভিডিঅ’ চাই প্ৰথমে পৰীক্ষামূলকভাৱে এবিঘা মাটিত উন্নত মানৰ বগৰী খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয়।

এই সফলতাই অধিক উৎসাহিত কৰে কৃষকজনক। ফলত এতিয়া চাৰি বিঘা মাটিত বগৰী খেতি কৰিছে কৃষকজনে। এবিঘা মাটিত উন্নত মানৰ বগৰী খেতি কৰি এবছৰতে স্বাৱলম্বী হৈছে কৃষক নুৰুল ইছলাম। কচুৱাৰ আলিটাঙনী গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ কৃষক নুৰুল ইছলামে কিছুবছৰৰ পূৰ্বে গাঁৱৰ মাটিতে কৃষিকাৰ্য কৰি জীৱন অতিবাহিত কৰিছিল যদিও বানপানীয়ে কৃষিভূমি প্ৰতিবছৰে নষ্ট কৰাৰ বাবে গাঁও এৰি নগাঁও জিলাৰ ধিংলৈ গুছি যায়। ধিংত কল আৰু মধুৰীআমৰ খেতি কৰে যদিও বিফল হৈ পুনৰ নিজৰ ঘৰলৈ ঘূৰি আহে।

ক’ভিড মহামাৰীৰ সময়ত ইউটিউৱ’ত ভিডিঅ’ চাই বগৰী খেতিৰ বাবে মন মেলে আৰু পৰীক্ষামূলকভাৱে কচুৱাৰ লুটুমাৰী এবিঘা মাটিত বগৰী খেতি আৰম্ভ কৰে। এবিঘা মাটিত লাভ সফলতাই অধিক উৎসাহিত কৰাত এইবেলি ঐতিহাসিক মাধৱ থানৰ কৃষি ভূমিত ব্যতিক্ৰমী ঋতুকালীন খেতি কৰাৰ উদ্দেশ্যে কৃষকজনে সংগ্ৰহ কৰিছে জাগিৰোডৰ এখন নাৰ্চাৰী পৰা উন্নত মানৰ বগৰীৰ পুলি। এই চাৰি বিঘা মাটিত কৃষক নুৰুল ইছলামে বৈজ্ঞানিক পদ্ধতিৰে ৰোপণ কৰিছিল কেইবাটাও উন্নত প্ৰজাতিৰ আপেল বগৰীৰ পুলি। এতিয়া এই বগৰীখিনি পকিবলৈ ধৰাত দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।