গুৱাহাটী, সংবাদ ৩৬৫, ১০ আগষ্ট : মাছখোৱাৰ আই টি এৰ সাংস্কৃতিক প্ৰকল্পত দেওবাৰে নিশা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১০০০ দৰ্শকৰ উপস্থিতিত সপ্তদশ চানছিল্ক মেগা মিছ নৰ্থ ইষ্ট, ২০১৯ প্ৰতিযোগিতাত বিজয়ী খিতাপ অর্জন কৰে ক্ৰমে মণিপুৰৰ লাংপোক্লাকপাম মেলডী, মেঘালয়ৰ তানভী ৰাক্সাম মাৰাক আৰু ছিকিমৰ ৰাজেশ্বৰী চক্ৰৱৰ্তীয়ে ।

উক্ত প্ৰতিযোগিতাখনৰ প্ৰতিযোগীসকলে চূড়ান্ত পৰ্বত প্ৰতিযোগিতা আগবঢ়াবলৈ মেগা এণ্টাৰটেনমেণ্টৰ দ্বাৰা আয়োজিত বিশেষ প্ৰশিক্ষণ গ্ৰোমিংৰ লগতে যাৱতীয় প্ৰস্তুতিৰ বিভিন্ন দিশ চিকুনাই তুলিবলৈ একসপ্তাহ ধৰি গুৱাহাটীত আছিল । প্ৰতিযোগিতাখনত মুঠ ৫০ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । প্ৰতিযোগীসকলক পৰীক্ষা কৰা হৈছিল তেওঁলোকৰ সৌন্দৰ্য, আত্মবিশ্বাস, ধাৰণ আৰু বুদ্ধিমত্তাৰ ওপৰত ।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনিৰ পৰিকল্পনা ফেশ্যন উদ্যোগী অভিজিৎ সিংহা আৰু প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেনমেন্টে ।

ইফালে দশম গাৰ্নিয়াৰ মেন মেগা নৰ্থ ইষ্ট , ২০১৯ লাভ কৰে ক্ৰমে মণিপুৰৰ লোকানন্দ ক্ষেত্ৰীমায়ুম, মিজোৰামৰ জনাথন থাংগেও আৰু চিকিমৰ ছোনম পল তেঞ্জিং ভূতিয়াই ।

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০০০ গৰাকী দৰ্শকক সাক্ষী কৰি উক্ত খিতাপ দখল কৰে তিনিও যুৱকে । প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিছিল ৫০ জন যুৱকে আৰু প্ৰতিযোগীসকলক পৰীক্ষা কৰা হৈছিল তেওঁলোকৰ বুদ্ধিমত্তা, ফিটনেছ, ব্যক্তিত্ত্ব আৰু আত্মবিশ্বাসৰ ভিত্তিত ।