অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩ ডিচেম্বৰঃ নিশা আকাশত চন্দ্ৰক আপুনি কেইবাবাৰো প্ৰত্যক্ষ কৰিছে কিন্তু আজি নিশা আপুনি আকাশত দেখিবলৈ পাব চন্দ্ৰৰ এক নতুন ৰূপ। নিজৰ অৱস্থানৰ পৰা আঁতৰি নাহিলেও আজি আকাশত চন্দ্ৰক পূৰ্বতকৈ অলপ ডাঙৰ আকাৰত দেখা পাব পৃথিৱীবাসী। আজি চন্দ্ৰ পূৰ্বৰ তুলনাত ১৪ গুণ ডাঙৰ দেখা পোৱা যাব। আজিৰ আকাশ চন্দ্ৰৰ উজ্জলতাৰে উজ্জ্বল হৈ পৰিব কাৰণ আজি চন্দ্ৰৰ উজ্জলতা পৰিমাণ পূৰ্বতকৈ ৩০ শতাংশ বৃদ্ধি পাব। চলিত বৰ্ষৰ এইটোৱে প্ৰথম আৰু শেষ ‘চুপাৰমুন’ বুলি বিজ্ঞানীসকলে জানিবলৈ দিছে। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১২ ডিচেম্বাৰত ‘চুপাৰমুন’ দেখা পোৱা গৈছিল। আজিৰ পিছত পুনৰ ২০১৮ চনৰ জানুৱাৰী মাহৰ ১ আৰু ৩১ তাৰিখে আকাশত ‘চুপাৰমুন’ দেখা পোৱা যাব বুলি মাৰ্কিন মহাকাশ গৱেষণা সন্থা নাছাই জানিবলৈ দিয়ে।