গুৱাহাটী, ১১ ফেব্ৰুৱাৰী, ২০২৬ : চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত সংগীত প্ৰতিভা, অপৰিসীম আত্মবিশ্বাস আৰু সৃজনশীলতাক এক মৰ্যাদাপূৰ্ণ চিনাকি দি গুৱাহাটীত সম্পন্ন হয় ‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ গ্ৰেণ্ড ফাইনেল। সমগ্ৰ ৰাজ্যজুৰি আলোড়ন সৃষ্টি কৰা এই বিশেষ কাৰ্যসূচী অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সহযোগত দ্য হান্স ফাউণ্ডেচনে যুটীয়াভাৱে ৰূপায়ণ কৰে। শ্ৰীশ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গ্ৰেণ্ড ফাইনেলত শীৰ্ষ ১৬ গৰাকী প্ৰতিযোগীৰ আকৰ্ষণীয় পৰিৱেশনে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। শোণিতপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ চাহ বাগিচা অঞ্চলসমূহৰ পৰা এক কঠোৰ তথা বহুস্তৰীয় বাছনি প্ৰক্ৰিয়াৰ অন্তত নিৰ্বাচিত হোৱা শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীৰ লাইভ পৰিৱেশনেৰে অনুষ্ঠানটো চূড়ান্ত পৰ্যায়ত উপনীত হয়।
অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে আৰু প্ৰখ্যাত ভাৰতীয় নেপথ্য গায়ক তথা পদ্মশ্ৰী বঁটাপ্ৰাপ্ত সুৰেশ ৱাডকাৰে সন্মানীয় অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ উপৰিও অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল আৰু দ্য হান্স ফাউণ্ডেচনৰ প্ৰতিনিধিসকলেও এই বিশেষ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উপস্থিতসকলক সম্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, “অসম চৰকাৰে সমাজৰ অবহেলিত আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে নিজৰ প্ৰতিভা চিনি পোৱাৰ লগতে তাক বিকশিত কৰাৰ বাবে সকলো ধৰণৰ উন্নত সুযোগ লাভ কৰে, সেই দিশত নিৰন্তৰ কাম কৰি আছে। সুৰ সংগমৰ দৰে পদক্ষেপসমূহে আমাৰ সৰ্বাংগীণ শিক্ষাৰ লক্ষ্যকে প্ৰতিফলিত কৰিছে, য’ত শিক্ষাৰ্থীসকলক কেৱল পঢ়া-শুনাতে নহয়, বৰঞ্চ সৃজনশীল আৰু সাংস্কৃতিকভাৱেও আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰা হয়।”
পদ্মশ্ৰী বঁটাপ্ৰাপ্ত সুৰেশ ৱাডকাৰে এই ব্যতিক্ৰমী পদক্ষেপ আৰু যুৱ শিল্পীসকলৰ ভূয়সী প্ৰশংসা কৰি কয়, “এই কণ কণ প্ৰতিভাশালী শিল্পীসকলৰ মাজত থকা আন্তৰিকতা, অনুশাসন আৰু সংগীতৰ গভীৰতাই মোক সঁচাকৈয়ে আপ্লুত কৰিছে। সুৰ সংগম হৈছে অন্তৰালত থকা প্ৰতিভাক বিশ্বৰ সমুখলৈ উলিয়াই অনাৰ এক অতি সুন্দৰ প্ৰয়াস। মই বিজয়ীসকলক মুম্বাইত মোৰ একাডেমীলৈ আদৰিবলৈ আৰু তেওঁলোকৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী স্তৰত প্ৰয়োজনীয় সকলো সমৰ্থন আগবঢ়াবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।” উল্লেখ্য যে, গ্ৰেণ্ড ফাইনেলৰ পূৰ্বে যোৱা ৯ ফেব্ৰুৱাৰীত সমগ্ৰ বিচাৰ আৰু মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল, য’ত দীক্ষু শৰ্মা, কল্লোল বৰঠাকুৰ, ৰূপাংকিতা পাপৰি আৰু অৰূপজ্যোতি বৰুৱাৰ দৰে বিশিষ্ট বিচাৰকৰ মণ্ডলীয়ে শীৰ্ষ ১৬ গৰাকী প্ৰতিযোগীক পৰীক্ষা কৰিছিল। বিচাৰকসকলে অংশগ্ৰহণকাৰীসকলৰ সাংগীতিক ধাৰণা, কণ্ঠৰ কাৰিকৰী দক্ষতা, প্ৰকাশভংগী, মৌলিকতা আৰু মঞ্চ উপস্থিতিৰ ওপৰত ভিত্তি কৰি সঠিক মূল্যায়ন কৰাৰ পাছতেই চূড়ান্ত পৰিৱেশনৰ বাবে শীৰ্ষ ৬ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হয়।
‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ শীৰ্ষ ৬ গৰাকী প্ৰতিযোগী হ’ল ক্ৰমে তিনিচুকীয়াৰ তাৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ পুণ্যধৰ তাঁতী, শোণিতপুৰৰ সোণাজুলি চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ গাইনো মুণ্ডা, তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ আনমোল কুমাৰ, তিনিচুকীয়াৰে দেওধাম চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ গজেন্দ্ৰ গোৱালা, ডিব্ৰুগড়ৰ দিখাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অনুৰাগ শৰ্মা আৰু ডিব্ৰুগড়ৰ চেপন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ৰূপালী নায়ক। চাহ বাগিচা অঞ্চলৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা এই বিজয়ীসকলে গ্ৰেণ্ড ফাইনেলত নিজৰ কণ্ঠৰ যাদু, সাংগীতিক প্ৰকাশভংগী আৰু আকৰ্ষণীয় মঞ্চ উপস্থিতিৰ জৰিয়তে বিচাৰকসকলক সঁচাকৈয়ে মুগ্ধ কৰে। উল্লেখনীয় যে, ‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ৰ শীৰ্ষ ৫ গৰাকী বিজয়ীয়ে স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা বৃত্তি লাভ কৰাৰ লগতে প্ৰমাণপত্ৰ আৰু অন্যান্য স্বীকৃতিৰ উপৰিও মুম্বাইৰ সুৰেশ ৱাডকাৰৰ সংগীত একাডেমীত উন্নত পৰ্যায়ৰ প্ৰশিক্ষণ তথা পৰামৰ্শ লাভ কৰিব।
‘সুৰ সংগম-টি গাৰ্ডেন ষ্টুডেণ্ট টেলেণ্ট হাণ্ট’ হৈছে দ্য হান্স ফাউণ্ডেচনৰ ‘উত্তম শিক্ষা’ কাৰ্যসূচীৰ এক অবিচ্ছেদ্য অংশ, যিটো চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ শৈক্ষিক ব্যৱস্থাৰ ভিতৰতে এক সুসংগঠিত সংগীত শিক্ষা অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীয়ে হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা সৃষ্টি কৰাৰ লগতে শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি আৰু সৰ্বাংগীণ বিকাশত পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যকলাপৰ গুৰুত্বপূৰ্ণ ভূমিকাকো বিশেষভাৱে প্ৰতিষ্ঠা কৰিছে। এই বিশেষ পদক্ষেপৰ অন্তৰালত থকা লক্ষ্যৰ বিষয়ে দ্য হান্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষা শ্বেতা ৰাৱটে কয়, “দ্য হান্স ফাউণ্ডেচনত আমি বিশ্বাস কৰোঁ যে প্ৰকৃত শিক্ষাই শিশুক নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ আৰু নিজৰ পৰিস্থিতিৰ উৰ্ধলৈ গৈ সপোন দেখিবলৈ শক্তি প্ৰদান কৰে। সুৰ সংগম কেৱল এক প্ৰতিভা অন্বেষণ কাৰ্যসূচী নহয়; ই চাহ বাগিচা সম্প্ৰদায়ৰ শিশুসকলৰ বাবে মৰ্যাদা, আত্মবিশ্বাস আৰু সুযোগৰ এক বিশাল মঞ্চ। এই ছাত্ৰ-ছাত্ৰীসকলক ইমান ডাঙৰ মঞ্চত পৰিৱেশন কৰা দেখি আমাৰ বিশ্বাস অধিক দৃঢ় হৈছে যে যেতিয়া সঠিক সুযোগ আৰু মাৰ্গদৰ্শন একত্ৰিত হয়, তেতিয়াই প্ৰতিভাৰ প্ৰকৃত বিকাশ ঘটে।” সুৰ সংগমৰ জৰিয়তে অসম চৰকাৰ আৰু দ্য হান্স ফাউণ্ডেচনে সংগীত তথা কলাক এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰি চাহ বাগিচাৰ শিশুসকলৰ মাজত আত্মবিশ্বাস আৰু সৃজনশীলতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ সুযোগসমূহ সুনিশ্চিত কৰাৰ এক উমৈহতীয়া প্ৰতিশ্ৰুতি ধাৰাবাহিকভাৱে শক্তিশালী কৰি আহিছে।
