নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ আগষ্ট : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত মৃত্যু হয় বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী তথা মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল মন্ত্ৰীগৰাকী । চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু সুষমা স্বৰাজৰ।

উল্লেখযোগ্য যে ইন্দিৰা গান্ধীৰ পিছত বিদেশ মন্ত্ৰণালয়ৰ দায়িত্ব লোৱা ভাৰত বৰ্ষৰ দ্বিতীয়গৰাকী মহিলা আছিল ৰাজনীতিবিদ সুষমা স্বৰাজ। বিজেপিৰ অন্যতম শক্তিশালী নেত্ৰী আছিল সুষমা স্বৰাজ। ১৯৯০ চনত সুষমা স্বৰাজ প্ৰথম বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। সেইদৰে ১৯৯৬ চনত প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছিল সুষমা স্বৰাজ। অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনতো কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত আছিল বিজেপিৰ নেত্ৰীগৰাকী।

ইয়াৰোপৰি ১৯৯৮ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বতো আছিল সুষমা স্বৰাজ। ৬৭ বছৰ বয়সত মৃত্যু হয় সুষমা স্বৰাজৰ। ইতিমধ্যে দিল্লীৰ এইমছত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষবৰ্ধন। ১৯৭৩ চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপেও কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল সুষমা স্বৰাজে।

মনমোহন সিঙৰ শেষৰটো কাৰ্যকালত সুষমা স্বৰাজ লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্বতো আছিল। সুষমা স্বৰাজৰ মৃত্যু সমগ্ৰ দেশৰ বাবেই ক্ষতি। মৃত্যুৰ তিনি ঘণ্টাৰ পূৰ্বে কাশ্মীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধন্তক প্ৰশংসা কৰি টুইট কৰিছিল সুষমা স্বৰাজে৷