গুৱাহাটী, ২ অক্টোবৰঃ স্বচ্ছ ভাৰত অভিযান অসম অভিযান সঞ্চালকালয়ৰ সৌজন্যত আৰু লখিমপুৰ জিলা পানী আৰু অনাময় সমিতিৰ সহযোগত বিহপুৰীয়া ক্রীড়া সন্থাৰ খেলপথাৰত গান্ধী জয়ন্তী উদযাপন কৰা হয়৷ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰিহন দৈমাৰী, পঞ্চায়ত আৰু গ্রামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্রী নৱ কুমাৰ দলে, সাংসদ ৰামপ্রসাদ শৰ্মা, বিধায়ক দেৱানন্দ হাজৰিকা, ইমানুৱেল মুছাহাৰী, উৎপল দত্ত, উৎপল বৰা, প্রাক্তন মন্ত্রী প্ৰেমধৰ বৰা আৰু উদ্ভাৱক উদ্ধৱ ভৰালীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানৰ পূর্বে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি অসমী আইক ভালপোৱা প্ৰতিজন অসমীয়াক বৃহত্তৰ অসমীয়া সমাজখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবৰ বাবে সংকল্প লোৱাৰ আহ্বান জনাই যাতে সমগ্র বিশ্বৰ মানৱ সমাজে অসমক আদর্শ হিচাপে গ্রহণ কৰিব পাৰে। সোনোৱালে পৰিৱেশ পৰিষ্কাৰ কৰাৰ লগতে মন আৰু আত্মাক সমানে পৰিষ্কাৰ কৰাৰ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে পৰিষ্কাৰ মনেৰেহে পাৰিষ্কাৰ শাসন ব্যৱস্থা গঢ়ি তোলা সম্ভৱ। সেয়ে প্ৰতিজন জন প্রতিনিধি আৰু বিষয়া-কর্মচাৰীয়ে সততা আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব আৰু তেতিয়াহে গণতন্ত্রত মূল্যবােধ প্রতিষ্ঠিত হ’ব। মূল্যবােধৰ অবিহনে কোনো ব্যক্তিয়েই শক্তিশালী হ’ব নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সংস্কাৰ মানে পৰিৱর্তন আৰু পৰিৱর্তন মানেই মূল্যবােধৰ পৰিৱর্তন। জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা শান্তিৰ পথ বৰ্তমান সমগ্র বিশ্বই অনুসৰণ কৰিছে। গান্ধীজীৰ আদৰ্শৰে বিশ্ববাসীয়ে শান্তিৰ সন্ধানত মূল্যবােধক আধাৰ হিচাপে লৈছে। তেওঁ নৱপ্রজন্মক মূল্যবােধৰ আধাৰত মানসিকভাৱে শক্তিশালী কৰি সচেতন ব্যক্তি হিচাপে গঢ় তোলাৰ ক্ষেত্ৰত গণতন্ত্ৰৰ চাৰিওটা স্তম্ভক যৌথভাৱে কাম কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্রী লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিটাে অঞ্চল পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে জনোৱা আহ্বানত দেশৰ অন্য প্রান্তৰ লগতে অসমবাসীয়েও সঁহাৰি জনাই দৃঢ়তাৰে আগবাঢ়িছে। অসম চৰকাৰে ৰাজ্যখনৰ প্ৰতিটাে পৰিয়ালে যাতে অনাময় শৌচাগাৰ লাভ কৰে আৰু মুকলিত মলত্যাগ কৰিবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবৰ বাবে সংকল্প লৈছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ চহকী প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণৰ জৰিয়তে অসমক পর্যটকৰ আকৰ্ষনৰ কেন্দ্ৰবিন্দু ৰূপে গঢ় দি তোলাৰ বাবেও সকলোকে আহ্বান জনায়। তেওঁ অসম চৰকাৰে শূণ্য সহিষ্ণুতাৰ নীতি গ্রহণ কৰি ৰাজ্যখনৰ পৰা দুৰ্নীতি নিৰ্মলৰ কাৰণে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি আগন্তুক দিনত দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে অভিযান অধিক তীব্রতৰ কৰি তোলাৰ কথা উল্লেখ কৰি ৰাইজক সহযোগিতাৰ আহ্বান জনায়। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী সোণোৱালে স্বচ্ছ ভাৰত অভিযান ৰূপায়নৰ ক্ষেত্ৰত প্রদর্শন কৰা পাৰদৰ্শিতাৰ বাবে নলবাৰী আৰু শোণিতপুৰ জিলাক পুৰস্কৃত কৰে। তদুপৰি স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অন্তর্গত অনুষ্ঠিত হোৱা বিভিন্ন ৰাজ্যিক আৰু জিলা পর্যায়ৰ প্ৰতিযোগিতাৰাে পুৰস্কাৰ মুখ্যমন্ত্রী সোণোৱালে প্রদান কৰে।