নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : দেওবাৰে কাশ্মীৰ সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় এজন অসমীয়া জোৱান ৩৯নং গোৰ্খা ৰেজিমেণ্টৰ জোৱান পদুম বাহাদুৰ শ্ৰেষ্ঠ ।

মঙলবাৰে অসমলৈ আনিব বীৰ জোৱানজনৰ নশ্বৰদেহ।সোমবাৰে কাশ্মীৰত সেনাই সামৰিক শ্ৰদ্ধাঞ্জলি জনায় বীৰ জোৱানজনক । স্বদেশলৈ অনাৰ পাছত নিজ গৃহত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব জোৱানজনৰ শেষকৃত্য ।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ বৰপথাৰৰ হাতীঘূলিৰ বাসিন্দা আছিল ছহিদ পদুম শ্ৰেষ্ঠ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪২ বছৰ । বীৰ জোৱান পদুম বাহাদুৰে মৃত্যুৰ সময়ত পিতৃ-মাতৃৰ লগতে পত্নী, দুগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায় ।