পলাশবাৰী, সংবাদ ৩৬৫, ১৩ জুন : জম্মু–কাশ্মীৰত শ্বহীদ হ’ল আন এগৰাকী অসমীয়া বীৰ সন্তান। জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা এইগৰাকী বীৰ অসমীয়া হৈছে নলবাৰী জিলাৰ নিৰোদ শৰ্মা। চি আৰ পি এফৰ শ্বহীদ বিষয়াজনৰ ঘৰ নলবাৰীৰ বৰমাৰ দহকাউনীয়াত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ১১৬নং চি আৰ পি এফ বেটেলিয়নৰ B (ব্ৰেভো) কোম্পানীৰ সহকাৰী উপ–পৰিদৰ্শক আছিল নিৰোদ শৰ্মা। ১৯৯১ চনতে চি আৰ পি এফত যোগদান কৰা শ্বহীদ বিষয়াগৰাকীয়ে বিগত ১০ বছৰ ধৰি জম্মু–কাশ্মীৰত নিয়োজিত হৈ আছিল।

বৃহস্পতিবাৰে সন্ধিয়া ৬ বাজি ৪৫মিনিট ত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হয় বীৰ শ্বহীদ জনৰ নশ্বৰ দেহ।শ্বহীদ নিৰোদ শৰ্মাক শেষ শ্ৰদ্ধা জনাবলৈ বিমান বন্দৰত আহি উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আদি কৰে আৰক্ষী তথা চি আৰ পি এফ ৰ উচ্চ পদস্থ বিষয়া সমূহ।বিমান বন্দৰৰ পৰা শ্বহীদ গৰাকীৰ নহশ্বৰ দেহ পোনে পোনে নিজ গৃহ ভূমি নলবাৰীৰ বৰমা দহকাউনিয়ালৈ নিয়া হয়।

ইতিমধ্যেই দেশৰ বাবে প্ৰাণাহুতি দিয়া নিৰোদ শৰ্মাৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। শ্বহীদগৰাকীৰ নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব শেষকৃত্য।