ৰঙিয়া, ৩০ ডিচেম্বৰ, ২০২৩ : উদিয়ানাৰ ঘৰে ঘৰে তবলীগ জামাতিয়ে চলাইছে অভিযান। শতাধিক তবলীগ জামাতি নামি পৰিছে এক বিশেষ অভিযানত (War Against Drugs)। কেইবাবাৰো সকীয়ানি প্ৰদান কৰাৰ পিছতো এৰিয়াও অঞ্চলটোৰ একাংশ লোকৰ গা লৰা নাই। কি পুৰুষ, কি মহিলা এফালৰ পৰা সকলোৰে বিৰুদ্ধে তবলীগ জামাতিয়ে চলাইছে অভিযান। ধৰা পৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত।

কামৰূপ জিলাৰ ৰঙিয়াৰ উদিয়ানাত ইছলাম ধৰ্মাৱলম্বী লোক সকলক সজাগ হৈছে। বিশেষকৈ অঞ্চলটোৰ তবলীগ জামাতি সকল ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন সময়ত সভা অনুষ্ঠিত কৰাৰ লগতে চলাই গৈছে এক বিশেষ অভিযান। ড্ৰাগছৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ ৰঙিয়াৰ উদিয়ানাৰ তবলীগ জামাতি সকলে চলাইছে ড্ৰাগছ বিৰোধী অভিযান। নিচামুক্ত ৰঙিয়া গঢ়াৰ সংকল্প লৈছে উদিয়ানাৰ তবলীগ জামাতি সকলে।

উদিয়ানা অঞ্চলৰ ঘৰে ঘৰে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে উদিয়ানাৰ শতাধিক তবলীগ জামাতিয়ে। শনিবাৰে বৃহত্তৰ উদিয়ানা গাঁৱত শতাধিক তবলীগ জামাতিয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। কেইবাবাৰো সকীয়ানি প্ৰদান কৰাৰ পিছতো গা লৰা নাই অঞ্চলটোৰ একাংশ ড্ৰাগছ মাফিয়াৰ। ন ন কৌশল অৱলম্বন কৰি অঞ্চটোৰ একাংশ ড্ৰাগছ মাফিয়াই চলাই আছে ড্ৰাগছৰ বেহা।

কি পুৰুষ কি মহিলা সকলোৱে এতিয়া নামি পৰিছে ড্ৰাগছ অবৈধ ব্যৱসায়ত। নৱ প্ৰজন্মৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া বৰবিষ ড্ৰাগছৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে উদিয়ানাৰ তবলীগ জামাতি সকল। শনিবাৰে অভিযানকালত এগৰাকী মহিলাই ড্ৰাগছ বিক্ৰী কৰি থকা দৃশ্য বন্দী হৈছিল গোপন কেমেৰাত। ইয়াৰ পিছতে ক্ষুদ্ধ হৈ পৰে উদিয়ানাৰ তবলীগ জামাতি সকল। ড্ৰাগছ বিৰোধী অভিযান এনেদৰেই দৈনিক চলি থাকিব বুলি তবলীগ জামাতি সকলে সকীয়াই দিয়ে ড্ৰাগছৰ বেহাৰ লগতে অনৈতিক কাৰ্যকলাপত জড়িত থকা লোক সকলক অতি শীঘ্ৰে সঠিক পথলৈ ঘূৰি আহিবলৈ আহ্বান জনায়।

ড্ৰাগছ মাফিয়া আৰু অনৈতিক কাৰ্যকলাপৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়াৰ উদিয়ানাৰ তবলীগ জামাতি সকলে। উল্লেখ্য যে, কিছুদিন পূৰ্বে উদিয়ানাত তবলীগ জামাতি সকলে এই সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। অঞ্চলবাসী ৰাইজৰ লগতে সভাত উপস্থিত আছিল ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী। আৰক্ষী বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত ৰাইজৰ সৈতে সম্পূৰ্ণ সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। ৰঙিয়াৰ উদিয়ানা অঞ্চলৰ পৰা বিগত সময়ছোৱাত কেইবাজনো ড্ৰাগছ মাফিয়া আৰক্ষীৰ জালত পৰিছিল।