ৰঙিয়া, ২২ ডিচেম্বৰ, ২০২৩ : তাগলীব জামাতে এইবাৰ গ্ৰহণ কৰিছে ড্ৰাগছ বিৰোধী পদক্ষেপ (War Against Drugs)। ধৰ্মীয় জ্ঞানৰ পোহৰ বিলাই ফুৰাৰ উদ্দেশ্যে মছজিদে মছজিদে আহি উপস্থিত হোৱা তাগলীব জামাতে এইবাৰ ৰাইজৰ মাজত ড্ৰাগছকলৈ সজাগতা সৃষ্টিৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে তাগলীব জামাতৰ এই পদক্ষেপে। ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই ৰাখিবলৈ প্ৰতিটো অঞ্চলৰ ৰাইজ মাৰ বান্ধি থিয় দিব লাগিব।

ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰোধী ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ অভিযানত ইতিমধ্যে জব্দ হৈছে কেইবাকোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্ত লোক। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলি আছে যদিও ড্ৰাগছৰ চক্ৰটোৰ লগত জড়িত একাংশ লোকে এতিয়াও বিভিন্ন কৌশলেৰে আৰক্ষীৰ চকুত ধূলি দি এই নিষিদ্ধ বেহা চলাই আছে। এতিয়াও বহু অঞ্চলত মুকলিকৈ চলি আছে ড্ৰাগছৰ ৰমৰমিয়া বেহা। আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী যুঁজত আৰক্ষীক সহায় কৰিবলৈ সৰ্বসাধাৰণ ৰাইজেও ওলাই আহিছে।

এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ তাগলীব জামাত ওলাই আহিছে ড্ৰাগছৰ বিৰুদ্ধে। সাধাৰণতে ৰাইজৰ মাজত ধৰ্মীয় জ্ঞানৰ পোহৰ বিলাই ফুৰা তাগলীব জামাত এইবাৰ ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবলৈ উৎসাহিত কৰিব। তাগলীব জামাতৰ উৎসাহত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ কঁকালত টঙালি বান্ধিছে এখন গাঁৱৰ ৰাইজে। গাঁওখনৰ ৰাইজ ওলাই আহিছে ড্ৰাগছৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে। এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি সংকল্প গ্ৰহণ কৰিলে ড্ৰাগছৰ বিৰুদ্ধে যুঁজি যোৱাৰ।

সম্পূৰ্ণ ড্ৰাগছমুক্ত হ’ব কামৰূপ জিলাৰ ৰঙিয়াৰ উদিয়ানা। ড্ৰাগছৰ বিৰুদ্ধে উদিয়ানাত এক ৰাজহুৱা তথা সজাগতা সভা অনুষ্ঠিত কৰি উদিয়ানাক সম্পূৰ্ণ ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সংকল্প গ্ৰহণ কৰিলে উদিয়ানাবাসীয়ে।
কেৱল ড্ৰাগছে নহয় সকলো ধৰণৰ অনৈতিক কাৰ্যৰ বিৰুদ্ধে উদিয়ানাবাসী ৰাইজে সজাগতা সৃষ্টি কৰাৰ লগতে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সহায়-সহযোগ কৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, বিগত কিছুবছৰ ধৰি ৰঙিয়াৰ উদিয়ানা অঞ্চলত ব্যপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা। ইতিমধ্যে অঞ্চলটোৰ পৰা কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।

শুকুৰবাৰে উদিয়ানাৰ মছজিদলৈ অহা তাগলীব জামাত উদ্যোগত আৰু সচেতন ৰাইজৰ সহযোগত এক ৰাজহুৱা সভাৰ অনুষ্ঠিত কৰি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত অঞ্চটোত ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছৰ বেহাৰ লগত জড়িত লোক সকলক অতি শীঘ্ৰে সঠিক পথলৈ ঘূৰি আহিবলৈ সকীয়াই দিয়া হয়। লগতে অসমাজিক কামৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে আনাগত দিনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সকীয়ানি প্ৰদান কৰে অঞ্চলবাসী ৰাইজে।

উল্লেখ্য যে, কিছুদিন ধৰি দিনে-নিশাই অঞ্চলটোৰ সচেতন ৰাইজে পহৰাৰ ব্যৱস্থা কৰি কেবাজনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছৰ বেহাৰ লগত জড়িত যুৱকক গতাই দিছে আৰক্ষীৰ হাতত। অঞ্চলবাসী ৰাইজৰ লগতে সভাত উপস্থিত থাকে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী। আৰক্ষী বিষয়া গৰাকীয়ে এই ক্ষেত্ৰত ৰাইজৰ সৈতে সম্পূৰ্ণ সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।