যোৰহাট, ২৭ অক্টোবৰঃ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই তাই আহোম জনগোষ্ঠীকে ধৰি অসমৰ জলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবীত যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সন্থাই টাই আহোমৰ লগতে অসমৰ ছয় জনগোষ্ঠীৰ জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা, কেন্দ্ৰীয় চৰকাৰে এনএছচিএন (আইএম)ৰ লগত সম্পাদিত কৰা বৃহত্তৰ নাগালিমৰ ফ্ৰেমৱৰ্ক চুক্তি শীঘ্ৰে ৰাজহুৱাকৰণৰ দাবীত চৌদিশ উত্তাল কৰি তোলে। টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীৰ পৰা জিলা উপায়ুক্তৰ যোগে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে। সন্থাই দাবীসমূহ শীঘ্ৰে মানি নল’লে পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।