নিউজ ডেস্ক : আফগানিস্তানত তালিবানে দেখুৱালে নিজৰ প্ৰকৃত চৰিত্ৰ। আফগান প্ৰতিবাদকাৰীৰ ওপৰত গুলী চালনা কৰিলে তালিবানে। তালিবানৰ গুলীত কেইবাগৰকী প্ৰতিবাদকাৰী আহত। প্ৰতিবাদকাৰী আফগান নাগৰিক নিহত হোৱাৰো শংকা। জালালাবাদত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আফগান নাগৰিকে।

তালিবানৰ হাতলৈ আফগানিস্তান যোৱাৰ পিছৰে পৰা আতংকিত হৈ আছে আফগানিস্তানৰ নাগৰিক সকল। পায় দুই দশক পিছত পুনৰ আফগানিস্তান দখল কৰিছে তালিবানে। আফগানিস্তানত তালিবান পুনৰ সক্ৰিয় হৈ উঠাৰ পিছৰে পৰা সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আছে তালিবানৰ ওপৰত।

তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছতে দেশ এৰি পলায়ন কৰে ৰাষ্ট্ৰপতি আশ্রফ গণি। তালিবানৰ অধীনত আফগানিস্তান নাগৰিক সকলে নিজকে অসুৰক্ষিত অনুভৱ কৰি দেশ এৰি পলায়ন আৰম্ভ কৰিছে। ইতিমধ্যে বহু আফগান নাগৰিকে দেশ এৰিছে।

এফালে যদি তালিবানৰ আতংকত একাংশ আফগান নাগৰিকে দেশ এৰিছে আনফালে একাংশ আফগান নাগৰিকে তালিবানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। দেশ এৰি পলায়ন কৰাৰ পৰিবৰ্তে তালিবানৰ বিৰুদ্ধে আফগানিস্তানত একাংশ আফগান নাগৰিকে প্ৰতিবাদ আৰম্ভ কৰিছে।

প্ৰথমে চাৰি গৰাকী সাহসী আফগান মহিলাই তালিবানৰ সৈন্যৰ সন্মুখত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ কৰা এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতে আফগানিস্তানৰ জালালাবাদত আফগান নাগৰিকে হাতত আফগানিস্তানৰ পতাকালৈ ওলাই আহে।

আফগানিস্তানৰ পতাকা হাততলৈ আফগান নাগৰিকে জালালাবাদত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে তালিবানৰ পতাকা আঁতৰাই আফগানিস্তানৰ পতাকা উৰুৱাইছিল। ইয়াৰ পিছতে তালিবানৰ সৈন্যই প্ৰতিবাদকাৰী সকলৰ ওপৰত গুলী চালনা কৰে।

তালিবানৰ গুলীত কেইবাগৰকী আফগান প্ৰতিবাদকাৰী আহত হয়। গুলীত আফগান প্ৰতিবাদকাৰী নিহত হোৱাৰ শংকাও প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে আফগানিস্তান আৰু তালিবানে একত্ৰিত হৈ আফগানিস্তানত চৰকাৰ গঠন কৰা সন্দৰ্ভত আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই আৰু তালিবানৰ মাজত আলোচনা আৰম্ভ হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয়।