গুৱাহাটী, ১৯ অক্টোবৰ, ২০২৫ : ভাৰতৰ তনবি শৰ্মা চলিত বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ এইসময়ৰ বিশ্ব ৰেংকিঙৰ জুনিয়ৰ মহিলাৰ শীৰ্ষ বাচনিৰ শ্বাটলাৰগৰাকীয়ে শনিবাৰে অনুষ্ঠিত ছেমিফাইনেলত অদম্য খেল প্ৰদৰ্শন কৰি ১৫-১১, ১৫-৯ ৰ পোনপটিয়া ব্যৱধানত চীনৰ লিউ ছি য়াক পৰাস্ত কৰে৷ গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাখনৰ দেওবাৰে অন্তিম দিনটোত হ’বলগা স্বৰ্ণ জয়ৰ যুঁজত ১৬ বছৰীয়া তনবি থাইলেণ্ডৰ অনিয়াপাত ফিছিতপ্ৰীচাছকৰ মুখামুখি হ’ব৷
শনিবাৰে মহিলাৰ একক শাখাৰ প্ৰথমখন ছেমিফাইনেলত দ্বিতীয় বাচনিৰ থাই শ্বাটলাৰগৰাকীয়ে দেশৰে কিটলিয়েঙক তিনিটা ছেটৰ অন্তৰ ১০-১৫, ১৫-১১, ১৫-৫ ৰ ব্যৱধানত পৰাস্ত কৰে৷ উল্লেখ্য যে ছেমিফাইনেলত প্ৰৱেশৰে ১৭ বছৰৰ অধীৰ অপেক্ষাৰ পাছত ভাৰতীয় মহিলা শ্বাটলাৰৰূপে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত পদক জয়ৰ গৌৰৱ লাভ কৰা তনবিয়ে শনিবাৰে চাপমুক্ত হৈ ক’ৰ্টত প্ৰৱেশ কৰে লগতে দৃঢ়তাৰে নিজৰ স্বাভাৱিক আক্ৰমণৰ ৰণনীতিক উভয় ছেটৰ খেলতে আত্মবিশ্বাসৰে প্ৰতিফলন কৰায়৷ চীনৰ প্ৰতিদ্বন্দ্বীক এবাৰো অগ্ৰগতি সুযোগ দিয়া নাছিল তনবিয়ে৷ অৱশেষত ৩১ মিনিটত মেচ জয়ৰ সফলতাৰে আন এক ঐতিহাসিক গৌৰৱৰ লক্ষ্যপ্ৰাপ্তিত উপনিত হয়৷
‘আজিৰ মেচখনত মই বিশেষ কষ্ট কৰিব লগা হোৱা নাই৷ খেলি থকা সময়ত কৰ্টত আৰামদায়ক পৰিৱেশ এটাই অনুভৱ কৰিছিলো৷ মেচৰ ফলাফল তথা খেলক লৈ মই অতি সুখী৷ অৱশ্যে আগবাঢ়ি থকা সময়ত দ্বিতীয়টো ছেটত মই কেইটামান ভুল কৰিছিলো৷ কিন্তু মোৰ প্ৰশিক্ষকে সেইসময়তে মোৰ ষ্ট্ৰ’কবোৰ অলপ লাইনৰ ভিতৰত খেলাত গুৰুত্ব দিব কলে আৰু এই ৰণনীতিটো সফল হ’ল৷’ বিগত এবছৰ ধৰি আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সতে অনুশীলন কৰি থকা তনবিয়ে খেলৰ অন্তত ব্যক্ত কৰে৷
স্মৰ্তব্য যে তনবিয়ে ভাৰতৰ তৃতীয় মহিলাৰূপে দেওবাৰে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনৰ ফাইনেল খেলিব৷ তনবিৰ পূৰ্বে এই সফলতা অপৰ্ণা প’পাট আৰু ছাইনা নেহৱালে লাভ কৰিছিল৷ ১৯৯৬ ত অপৰ্ণাই ফাইনেল খেলি ৰূপ অৰ্জন কৰাৰ বিপৰীতে ছাইনাই ২০০৬ ত ফাইনেল খেলি ৰূপ তথা ২০০৮ ত পুনেত সোণ অৰ্জন কৰিছিল৷ ২০০৮ ৰ পাছত এইবাৰ গুৱাহাটীত তথা দ্বিতীয়বাৰৰ বাবে ভাৰতত পুনৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ অনুষ্ঠিত হৈছে লগতে তনবিয়ে ১৭ বছৰৰ পাছত ইতিমধ্যে পদক জয়ৰ গৌৰৱ তথা কাইলৈ ফাইনেল খেলাৰ স্মৰণীয় সন্ধিক্ষণত উপনিত হৈছে৷