গুৱাহাটী, ২০ অক্টোবৰ, ২০২৫ : ভাৰতীয় বেডমিণ্টনৰ নতুন তাৰকা তনবি শৰ্মাৰ বিশ্বজয়ৰ লক্ষ্যপ্ৰাপ্তিৰ সপোনটো অপূৰ্ণ হৈ ৰ’ল৷ গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ দেওবাৰে অনুষ্ঠিত মহিলাৰ একক শাখাৰ ফাইনেলত অপ্ৰত্যাশিতভাৱে পৰাজয়ৰ সন্মুখিন হ’ল ৰেংকিঙৰ শীৰ্ষ বাচনিৰ শ্বাটলাৰগৰাকী৷ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা মহিলাৰ একক শাখাৰ স্বৰ্ণ নিৰ্ণয় মেচত থাইলেণ্ডৰ দ্বিতীয় বাচনিৰ অনিয়াপাত ফিছিতপ্ৰীচাছকে ১৫-৭, ১৫-১২ ৰ পোনপটিয়া ব্যৱধানত তনবিক পৰাস্ত কৰে৷

অৱশ্যে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ৰূপৰ পদক জয়ৰ সফলতাও তনবি তথা ভাৰতীয় বেডমিণ্টনৰ বাবে এক নতুন আশাৰ গৌৰৱময় ৰেঙনি৷ গুৱাহাটীত ভাৰতে প্ৰথমবাৰৰ বাবে মিক্সড দলীয় শাখাত ঐতিহাসিক ব্ৰঞ্জ তথা তনবিৰ একক শাখাৰ ৰূপৰ পদক জয়ৰে সাফল্যৰ নতুন অধ্যায়ৰ পাতনি মেলিলে৷ তনবিয়ে বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ প্ৰতিযোগিতাত পঞ্চম গৰাকী ভাৰতীয়ৰূপে একক শাখাত ৰূপৰ পদক জয় কৰিলে৷ ইয়াৰপূৰ্বে ভাৰতৰ অপৰ্ণা প’পাট (১৯৯৬), ছাইনা নেহৱাল (২০০৬), ছিৰিল বাৰ্মা (২০১৫) আৰু শংকৰ মুথুস্বামীয়ে (২০২ ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদক জয় কৰিছিল৷

আনহাতে ২০০৮ ত ছাইনাই লাভ কৰা স্বৰ্ণ জয়ৰ সফলতা এতিয়াও বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতৰ শ্ৰেষ্ঠ সফলতাৰূপে অক্ষত থাকিল৷ দেশবাসীৰ আশাৰ চাপ লৈ বিপক্ষতকৈ দুই মিনিট পূৰ্বে ক’ৰ্টত প্ৰৱেশ কৰা তনবিয়ে মেচৰ প্ৰথম পইণ্টটো অৰ্জন কৰিছিল যদিও প্ৰথম ছেটতো সহজে এৰি দিয়ে৷ দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰা তনবিয়ে নেট আৰু লাইন নিৰ্ণয় কৰাতো ব্যৰ্থ হয়৷ যাৰ বাবে ৪-৬ ত চলি থকা প্ৰথমটো ছেট ফিছিতপ্ৰীচাছকে ১৫-৭ ত দখল কৰে৷ দ্বিতীয় ছেটত তনবিয়ে আত্মবিশ্বাসৰে আৰম্ভণি কৰি ৬-১ ত অগ্ৰগতি লৈছিল৷ কিন্তু চাপৰ ভাৰাক্ৰান্তই চেপা মাৰি ধৰাত তনবিয়ে খেলত ছন্দ বিচাৰি নাপালে তথা নেটৰ সন্মুখত প্ৰতিবাৰে ব্যৰ্থ হৈ বিনাযুদ্ধই পৰাজয় স্বীকাৰ কৰে৷

আচলতে তনবি দ্ৰুত পইণ্ট লাভ কৰিবলৈ চেষ্টা কৰাৰ ফলতে যথেষ্ট ভুল কৰিছিল৷ ‘মই মেচখনত এবাৰো সহজ হ’ব পৰা নাছিলো৷ আৰম্ভণিৰ পৰাই মই বহুত ভুল কৰিছিলো৷ মোৰ প্ৰশিক্ষকে স্বাভাৱিক খেল খেলি থাকিবলৈ কৈছিল যদিও সেইটো কৰিব নোৱাৰিলোঁ৷ বিপক্ষই মোৰ দুৰ্বলতা ভালকৈ বোধগম্য হৈছিল৷’ তনবিয়ে কয়৷ ইফালে, প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ফাইনেলত চীনৰ লিউ ইয়াং মিং ইউৱে চলিত বৰ্ষৰ আৰম্ভণিতে এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত পৰাজয়ৰ প্ৰতিশোধ গুৱাহাটীত লৈ শীৰ্ষ বাচনিৰ ইণ্ডোনেছিয়াৰ মহম্মদ জাকি উবাইদিল্লাহক ১৫-১০, ১৫-১১ ত পৰাস্ত কৰি খিতাপ দখল কৰে৷ আনহাতে, মিক্সড ডাবলছৰ খিতাপ লাভ কৰে কোৰিয়াৰ হিয়ং লী আৰু চিয়ন হি ইনে৷

দ্বিতীয় বাচনিৰ যুটিটোৱে তিনিটা ছেটৰ অন্তত ১৫-৯, ১১-১৫, ১৫-১০ ৰ ব্যৱধানত পৰাস্ত কৰে চাইনিছ টাইপেৰ বিং ফু হুং আৰু য়ুন আন চুক। মহিলাৰ ডাবলছৰ ফাইনেলত মালয়েছিয়াৰ তৃতীয় বাচনিৰ যুটি ন’ৰাকিলাছ মাইচাৰহ আৰু জি ইউ লৱক ১৩-১৫, ১৭-১৯ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে চীনৰ তান কি জুৱান আৰু ইউ ইউ ৱেই৷ পুৰুষৰ ডাবলছৰ ফাইনেলত চীনৰ চেন জুন টিং আৰু লিউ জুন ৰঙে ১৫-১৪, ১৫-১২ ত পৰাস্ত কৰে কোৰিয়াৰ যুটি হেৱং উ চু আৰু হেৱং উ লীক৷